প্ৰেমত পৰিছোঁ – কাবেৰী মুদৈ

Pc Pinterest

প্ৰেমত পৰিছোঁ

কাবেৰী মুদৈ, দেৰগাঁও, গোলাঘাট

বাহিৰত ফিৰফিৰিয়া বতাহ লগতে বিজুলী আৰু ঢেৰেকণিৰ শব্দ। এনেকুৱা লাগিছিল যেন বতাহজাকে মোক স্পৰ্শ কৰি কাৰোবাৰ উপস্থিতিৰ অনুভৱ বাৰুকৈয়ে অনুভৱ কৰাইছিল। Headphone ত tum prem ho tum preet ho গানটো বাজি আছিল । কাৰোবাৰ ভাৱত বিভোৰ হৈ মোৰ মুখত এটা হাঁহি জিলিকি লৈছিল । আকাশ খনলৈ চাই এনেকুৱা লাগিছিল যে বিজুলী বোৰে যেন মোক কিবা কৈছিল । এনেকুৱা লাগিছিল যে মোৰ headphone ত বাজি থকা গানৰ তালে তালে যে তামোল গছ বোৰেও নাচি উঠিছিল। গছবোৰ যেন একো একোজনী বৃন্দাবনৰ গোপীহে । উম মই প্ৰেমত পৰিছোঁ কিন্তু সাধাৰণ মানুহৰ প্ৰেমত নহয়। মোৰ শ্ৰীকৃষ্ণৰ প্ৰেমত।