জীৱন মানে কি ?
গকুল চৌধুৰী
হাকামা,ধুবুৰী
জীৱন মানে কি ?
জীৱন মানে কি ?
জীৱন মানে হয়তো
হয়তো জন্ম আৰু
মৃত্যুৰ বুৰঞ্জী ।
জীয়াই থাকিবলৈ
মানুহে কৰা এখন
যুদ্ধ অথবা মহাযুদ্ধ ৷
আদিৰ পৰা অন্তলৈ
আৰম্ভণিৰ পৰা
জীৱনৰ সমাপ্তিলৈ
সুখ , দুখ , হাঁহি
কান্দোন , হতাশা
নিৰাশা , যন্ত্ৰণা
বিষাদ , বেদনা
আশা , প্ৰত্যাশা
সপোন , সংগ্ৰামৰ
মৌন ভাষাৰে লিখা
জীৱন মানে হ’ল
জীৱন মানে হ’ল
এখন কিতাপ অথবা
গ্ৰন্থ
এখন কাব্য অথবা
মহাকাব্য ৷
