যোৰহাট সমষ্টিত পৰাজয়বৰণ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ

যোৰহাট সমষ্টিত পৰাজয়বৰণ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি নেতৃত্বাধীন এন ডি এৰ ছুনামিত কংগ্ৰেছৰ বহু হেভীৱেইট প্রার্থী শোচনীয় পৰাজয়ৰ দিশে আগবাঢ়িছে। ইয়াৰ মাজতে বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে পৰাজয়বৰণ কৰা বুলি তথ্য প্ৰকাশ পাইছে। প্ৰথমবাৰৰ বাবে বিধানসভা নির্বাচন খেলিয়ে মুখথেকেচা খালে বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা প্রয়াত কংগ্ৰেছ নেতা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। যোৰহাটৰ বিজেপি প্রার্থী হিতেন্দ্র নাথ গোস্বামীৰ হাতত ২৩ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত শোচনীয় পৰাজয়বৰণ কৰে গৌৰৱ গগৈয়ে। শেহতীয়া তথ্য অনুসৰি, বিজেপি প্রার্থী হিতেন্দ্র নাথ গোস্বামীয়ে মুঠ ৬৯,৪৩৯টা ভোট লাভ কৰে। ১৪টা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ২৩,১৮২টা ভোটৰ ব্যৱধানত বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাস্ত কৰি যোৰহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয় হিতেন্দ্র নাথ গোস্বামী।