বহাগ বিহু আৰু সাত শাক – শৰৎ দাস

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

বহাগ বিহু আৰু সাত শাক

শৰৎ দাস, ব্ৰহ্মাজান, গহপুৰ

অতি প্ৰাচীন কালৰে পৰা কিছুমান সামাজিক নীতি – নিয়ম, আচাৰ ব্যৱহাৰ , জন-বিশ্বাস, অসমীয়া সমাজ ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই জন-বিস্বাস তথা পৰম্পৰাবোৰৰ মাজত সকলো বোৰৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু যুক্তিসন্মত বিশ্লেষণ বিচাৰি নাপালেও প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক পৰম্পৰা হিচাপে পালিত হৈ আহিছে। এই সাত শাক তোলা পৰম্পৰা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰে জনাজাত।বহু ঠাইত সাত শাকেতি, সাতশাকী, সাথেক তোলা নামেৰে নামাকৰণ কৰা দেখা যায়। ৰঙালী তথা ব’হাগ বিহুত পূৰ্বৰ পৰাই গছ-বন, শাক-পাচলি, বনৌষধি আদিবোৰ ব্যৱহাৰ হৈ আহিছে।

ব’হাগ মাহৰ প্ৰথম সপ্তাহত যিকোনো এটা দিনত, ঠাই বিশেষে তৃতীয় দিনা নাইবা সপ্তম দিনা সাতশাকী উৎসৱ পাতে। নামনি অসমৰ কোনো কোনো ঠাইত ৰঙালী বিহুৰ সাত দিনৰ দিনা মহিলা সকলে সাতবিধ শাক তুলি এই সাতশাকী বিহু পাতে। অসমৰ বহুতো ঠাইত বহাগ বিহুৰ গৰু বিহুৰ দিনাই সাতবিধ বা এশ এবিধ শাক মিহলাই ৰন্ধা খাদ্য গ্ৰহণৰ পৰম্পৰা দেখা যায়। এই সাত শাক খোৱাৰ পৰম্পৰাৰ বৈজ্ঞানিক তথা স্বাস্থ্য সন্মত কাৰণ নথকাও নহয়। এই শাক সমূহ বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ, যি মানুহক বসন্ত কালত হোৱা ৰোগ সমূহ প্ৰতিৰোধ কৰাত সহায় কৰে।

বসন্ত আগমনৰ লগে লগে মানুহৰ জীৱনলৈও কঢ়িয়াই আনে অফুৰন্ত প্ৰেম, আনন্দ আৰু নতুন আশা – আকাংক্ষা। ফাগুনৰ বতাহে লঠঙা কৰি পেলোৱা প্ৰকৃতিৰ বুকুত চ’ত বহাগ তথা বসন্ত আগমনৰ লগে লগে প্ৰকৃতিয়ে নতুন সাজেৰে নিজকে সু- সজ্জিত কৰি তোলে। অসমীয়া মানুহৰ প্ৰাণৰ উৎসৱ মূলতঃ কৃষি কেন্দ্ৰিক উৎসৱ। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিহু গঢ় লৈ উঠি পৰবৰ্তী সময়ত এক আনন্দদায়ক উৎসৱ হিচাপে পৰিগণিত হৈছে। অতি প্ৰাচীন কালৰে পৰা ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, এই তিনিটা বিশেষ ঋতুত খেতি কৰাৰ বাবে অগ্নি, সূৰ্য, চন্দ্ৰ আদি দেৱতা সকলৰ সন্তুষ্টিৰ বাবে পূজা কৰিছিল। সময়ৰ গতি বাগৰা লগে লগে “বিহু” ক্ৰমান্বয়ে উৎসৱ প্ৰধান হৈ পৰিল। অতীজৰে পৰা প্ৰাকৃতিক সালসলনিৰ বিভিন্ন কাৰ্য্যৰ ওপৰত ভিত্তি কৰিয়েই একো একোটা উৎসৱে ঠন ধৰি উঠিছিল। কৃষক সকলৰ কৃষি আৰম্ভণিতে তথা চ’ত- বহাগ মাহত ৰঙালী বিহু, আহিন – কাতি মাহত কাতি বিহু আৰু পুহ – মাঘ সংক্ৰান্তিত মাঘ বিহু পালন কৰা দেখা যায়। কৃষিকৰ্ম আৰম্ভণিৰ পৰা তথা ধান ৰোৱাৰ পৰা, ঠন ধৰি উঠা, পথাৰৰ পৰা সোণগুটি আনি ভঁৰালত ভৰোৱা লৈকে, এই তিনিওটা বিশেষ বিশেষ মূহুৰ্তত তিনিওটা বিহুৱেই পালন কৰা হয়। সেয়ে বিহুক কৃষি কেন্দ্ৰিক লোক উৎসৱ বুলিও জনা যায়।

চ’ত- মাহৰ শেষৰ দিনা বহাগ বিহু তথা ৰঙালী বিহু আৰম্ভ হয়। পূৰ্বতে বহাগ বিহুক সাত দিন ধৰি পালন কৰা হৈছিল। সেয়ে ” সাত বিহু বুলি কোৱা হয়। এই সাত দিন বিহুৰ প্ৰত্যেকৰে সুকীয়া নাম। সাত বিহু হৈছে গৰু বিহু, মানুহৰ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই বিহুৰ লগতে সাতশাকী উৎসৱ তথা পৰম্পৰা অতীজৰে পৰা পালিত হৈ আহিছে। পৰম্পৰা অনুসৰি সাতশাক তুলিবলৈ মহিলা, জীয়ৰী, বোৱাৰী সকলে পথাৰলৈ ওলাই যায় আৰু শাক সমূহ বুটলি আনে। এই শাক সমূহ সন্ধিয়া ব্যঞ্জন বনাই খায়। সাতশাকী পৰম্পৰাৰ সৈতে গীত- মাতো  প্ৰচলিত। এই গীতক ‘শাক- তোলা ‘ গীত বুলি কোৱা হয়। বিহু গীতত গাইছে —

” সাতশাকী বিচাৰি       আহ অ’ লাহৰী
গুৰি পথাৰলৈ যাওঁ,
শাক – তোলাৰ চলেৰে        গছৰে তলতে
হেঁপাহৰ বিহু নাম গাঁও।।

এই সাতবিধ শাক হ’ল যেনে – কলমৌ, খুতুৰা, চেঙেলী, মানিমুনি, পিতকইচা, লেঠেঙা আৰু ভটুৱা। আমাৰ চাৰিওফালে সকলো ঠাইতে সহজলভ্য এই শাক সমূহত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা আৰম্ভ কৰি প্ৰচুৰ মাত্ৰাত ভিটামিন আদিও পোৱা যায়। সেয়ে বহুতে ইয়াৰ ঔষধি গুণবোৰ নাজানিলেও পৰম্পৰাগত ভাবে হ’লেও খোৱাৰ অভ্যাস কৰি আহিছে। অসমীয়া সমাজত ব’হাগ বিহুৰ গৰু বিহুৰ দিনা বা সাতবিহুৰ দিনা এশ এবিধ শাক একেলগে মিহলাই ভাজি খোৱা এক পুৰণি পৰম্পৰা। এই এশ এবিধ শাক কেৱল পাতেই নহয় ইয়াত বিভিন্ন বন, তৰু, লতা সৰু- ডাঙৰ গছৰ পাত সংযোগ কৰা হয়। এই শাক সমূহৰ ভিতৰত টেঙা, তিতা, কেহা গুণৰ শাক-পাচলি থাকে। লোক বিশ্বাস অনুসৰি এই শাক সমূহত প্ৰচুৰ ঔষধি গুণ থাকে, যিয়ে বসন্ত কালৰ বিভিন্ন ৰোগ আদিৰ উপশম ঘটায়। এই এশ এবিধ শাকৰ ভিতৰত কেইবিধমান হ’ল – ঢেঁকীয়া, টিকনি বৰুৱা, কচু, কলমৌ, কুকুৰা ঠেঙীয়া, কোমোৰা পাত, কেৰেলা পাত, চেংমৰা, পনৌ নৌৱা, নেফাফু, বন জালুক, ভেদাইলতা, খুতুৰা, মাটি – কাঁদুৰি, মহানিম, নৰসিংহ, ভাঙৰ আগ, বেত গাজ, জিলমিল, মানধনিয়া, শুকলতি, দোৰোণ, পদিনা, কেঁহেৰাজ, পচতীয়া, মধূসোলেং, মৰলীয়া, গাখীৰতী, টেঙেচী, হেলচী, মানিমুনি, হাতী খুতৰা, মৰিচা, দুপৰটেঙা, পূৰৈ শাক, টেঙামৰা, মালভোগ, পালেং, চুকা, মেথি, থেৰেজু, বৰ্হমথুৰি, বিশল্যাকৰণী, হাড়ঘুনুচা, নুনি, দূবৰি, লাই শাক, জাতিলাও, জলকীয়া আগ, বন আমলখি, মনোৱা, কাচিপকা, ডালিমৰ পাত, থেকেৰা, লেহেতী ইত্যাদি।

 এই এশ এবিধ শাক খোৱাৰ লগতে বহু ঠাইত সাত তিতা খোৱা পৰম্পৰাও দেখা যায়। এই সাত তিতা হ’ল – নিমপাত, ভেকুৰীগুটি, ভেটাই, তিতা বাহক, তিতাফুল, হালচী আৰু শেৱালী ফুল। অতীজৰে পৰা চলি অহা এই সাতশাক বা এশ এবিধ শাক খোৱা পৰম্পৰাটো এক লোকাচাৰ যদিও ইয়াত বহুতো স্বাস্থ্যজনিত ইতিবাচক উপকাৰী গুণ আছে। গতিকে আমি ক’ব পাৰোঁ যে ব’হাগ বিহুটিয়ে যেনেদৰে অসমীয়া জাতীয় অস্তিত্ব আৰু সংস্কৃতিৰ ভঁৰালটোক টনকিয়াল আৰু পৰিপূৰ্ণ কৰি তুলিছে ঠিক তেনেদৰেই এই বিহু উৎসৱৰটিক আকৌ পূৰ্ণতা প্ৰদান কৰিছে কিছুমান লোকাচাৰ তথা লোক -পৰম্পৰাবোৰে। অসম আৰু অসমীয়া জাতি থকালৈকে অসমীয়া জনজীৱনৰ লগত জড়িত এই সমূহ পৰম্পৰা বা লোকাচাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰকাল চিৰ-প্ৰৱাহিত হৈ থাকিব।