তৃতীয় ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত আগবাঢ়িছে ড০ হিমন্ত বিশ্ব শৰ্মা

তৃতীয় ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত আগবাঢ়িছে ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা-কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা। প্ৰাৰম্ভিক তথ্য অনুসৰি, জালুকবাৰী সমষ্টিৰ তৃতীয় ৰাউণ্ডত বিজেপি প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৮,৮০৫ টা ভোট লাভ কৰি আগবাঢ়ি আছে ৷ আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগে ৬৮৬৬ টা ভোট লাভ কৰিছে ৷ ১১,৯৩৯ টা ভোটত হিমন্ত বিশ্ব শৰ্মাই আগবাঢ়ি আছে । লগতে নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসে ৩৮৮টা ভোট লাভ কৰিছে । গুৱাহাটী লোকসভা সমষ্টিৰ গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি জালুকবাৰীত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। এই সমষ্টিটো পঞ্চববাৰৰ বাবে নিৰ্বাচনত অবতীৰ্ণ হৈছে ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ পৰাই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে । ২০১৫ চনলৈকে কংগ্ৰেছ নেতা হিচাপে আৰু ২০১৬ চনৰ পৰা বিজেপিৰ বিধায়ক হিচাপে তেওঁ জালুকবাৰী সমষ্টিৰ পৰা জয়ী হৈ আহিছে । ২০২১ চনত তেওঁ অসমৰ মুখ্য়মন্ত্ৰী হয় ।