ভোটগণনাৰ দিনটোত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰায় এমাহজোৰা অপেক্ষাৰ অন্ত পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা । এই দিনটো শান্তিপূর্ণভাৱে অতিবাহিত কৰিবৰ বাবে ৰাজ্য়ৰ বিভিন্ন ঠাইত ঘোষণা কৰা হৈছে ড্ৰাই ডে’। কামৰূপ মহানগৰতো এই নিষেধাজ্ঞা অব্য়াহত থাকিব । কামৰূপ মহানগৰ জিলা আয়ুক্তই দেওবাৰে এক নিৰ্দেশনাযোগে ৪ মে’ৰ ভোটগণনাৰ দিনটোত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে । উক্ত নিৰ্দেশনা অনুসৰি ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী তথা খুচুৰা সুৰাৰ বিপণি, পণ্যাগাৰ, ভাৰতত নিৰ্মিত বিদেশী সুৰা (আইএমএফএল) তথা দেশীয় সুৰাৰ দোকান আদি বন্ধ থাকিব । লগতে সকলো ধৰণৰ সুৰাৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব । এই নিৰ্দেশনা মতে, ড্ৰাই ডে’ বাহাল থকা সময়ত ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানা আদি বন্ধ ৰাখিব লাগিব । কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুজ্ঞাপত্ৰ থকা সকলো ব্যৱসায়ী তথা জনসাধাৰণক এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে । এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়া হৈছে ।
