ভাৰতীয় মহিলা-এ দলত উমা চেত্রী-জিন্টিমণি কলিতা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ক্ৰিকেটপ্রেমীৰ বাবে ভাল খবৰ ।ইংলেণ্ড ভ্ৰমণৰ বাবে ইণ্ডিয়া-এ দলত নির্বাচিত হৈছে অসম কন্যা উমা চেত্রী আৰু জিণ্টিমণি কলিতা। উমা চেত্রী-জিন্টিমণি কলিতা দুয়োগৰাকী খেলুৱৈয়ে টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে দলৰ অংশ হ’ব। ২০, ২৩ আৰু ২৫ জুনত অনুষ্ঠিত হ’ব টি-২০ মেচখন। ২৮ জুনৰ পৰা পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলাৰ মেচ অনুষ্ঠিত হ’ব।
