শ্যামকানুৰ জামিন নাকচ কৰিলে ফাষ্ট ট্রেক আদালতে

শ্যামকানুৰ জামিন নাকচ কৰিলে ফাষ্ট ট্রেক আদালতে

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ হত্যা গোচৰত ফাষ্টট্রেক আদালতে অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ আবেদন নাকচ কৰে।  ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্তৰ জামিনৰ আবেদন খাৰিজ কৰে।১০ এপ্ৰিলত জামিনৰ বাবে ফাষ্টট্ৰেক আদালতত আবেদন জনাইছিল অভিযুক্ত শ্যামকানু মহন্তই। সেই আবেদনৰ ভিত্তিত আদালতে ২২ আৰু ২৩ এপ্ৰিলত হোৱা দুদিনীয়া শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখিছিল । পৰৱৰ্তী সময়ত অৰ্থাৎ বৃহস্পতিবাৰে ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেতবোৰ অৱহেলাসূচক কাম-কাজ, সুৰা যোগান আদি কামৰ ক্ষেত্ৰত চৰকাৰী পক্ষই দিয়া যুক্তিৰ আধাৰত শ্যামকানু মহন্তৰ জামিন নাকচ কৰে।  ফাষ্টট্রেক আদালতৰ ৰায়দান সন্দৰ্ভত লোক অধিবক্তা জিয়াউৰ কামাৰে সংবাদ মাধ্যমৰ আগত কয়-ঘটনা সংঘটিত হোৱাৰ পিছত জুবিনক সহায় কৰাৰ পৰিৱৰ্তে শ্যামকানু মহন্তই মালয়েছিয়ালৈ পলাই গৈছিল। তাৰ পৰা তেওঁক জাননী প্ৰেৰণ কৰিহে অনা হৈছে। যদিহে শ্যামকানু মহন্তক জামিন দিয়া হয় তেন্তে তেওঁ পুনৰ বিদেশলৈ পলাই যোৱাৰ সম্ভাৱনা আছে। তেওঁ য়াট পার্টী কৰিবলৈ যোৱাৰ পৰাই জুবিনক সুৰা যোগান ধৰিছিল। সেই সন্দর্ভত আমি যুক্তি প্রদান কৰিছোঁ। লগতে জব্দকৃত সামগ্রী মোকলাই দিবলৈ কৰা আবেদনো নাকচ কৰা হৈছে। চার্জ হিয়েৰিঙৰ প্ৰক্ৰিয়াটো ইতিমধ্যে সম্পূর্ণ হৈছে। ২ মে’ত সিদ্ধাৰ্থৰ জামিন আবেদনৰো ৰায়দান কৰিব আদালতে। শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ তথা খৰিজ কৰা সন্দৰ্ভত মন্তব্য কৰি চৰকাৰী পক্ষৰ অধিবক্তা প্রদীপ্ত তালুকদাৰে কয় যে তিনিটা মুখ্য কাৰণত আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰে। আদালতত শ্যামকানু মহন্তই জুবিন গাৰ্গক সুৰাৰ বটল যোগান ধৰাটো প্রমাণিত হয়। দ্বিতীয়তে, জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱনতি তথা স্বাস্থ্য সন্দৰ্ভত শ্যামকানু মহন্ত অৱগত আছিল। তথাপি শ্যামকানু মহন্তই জুবিনৰ কাৰণে যথোপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল। তাৰ উপৰি শ্যামকানু মহন্তই ঘটনাৰ পিছতে মালয়েছিয়ালৈ পলাই গৈছিল। পৰৱৰ্তী সময়ত তেওঁক ‘লুক আউট’ ন’টিচ দিয়েই গ্ৰেপ্তাৰ কৰিব লগা হৈছিল। এনে অৱস্থাত আদালতত চৰকাৰী অধিবক্তাই তেওঁ পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি যুক্তি দিয়ে আৰু এনেবোৰ যুক্তিৰ আধাৰতে আদালতে শ্যামকানু মহন্তৰ জামিন নামঞ্জুৰ কৰে।