এক্সৰ’ বাৰৰ অনুজ্ঞা-পত্র বাতিল

Pc News Live

এক্সৰ’ বাৰৰ অনুজ্ঞা-পত্র বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা- ভঙাগড়ৰ জি এছ ৰোডৰ ৰুদ্ৰাক্ষ মলত অৱস্থিত এক্সৰ’ (Exoro) বাৰৰ অনুজ্ঞা-পত্ৰ কামৰূপ (মহানগৰ) জিলা প্রশাসনে এক নির্দেশযোগে বাতিল কৰিছে। ২৬ এপ্রিলৰ মঠঘৰীয়া দুৰ্ঘটনাৰ বলি হোৱা তিনিগৰাকী যুৱতীয়ে এই বাৰত নিশা ৩ বজালৈকে সুৰাপান কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত নীতি বহির্ভূতভাৱে বাৰ খোলা ৰখাৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহানগৰীত সংঘটিত ভয়ংকৰ পথ দুর্ঘটনাত তিনিগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছিল উক্ত বাৰখনৰ। জিলা প্ৰশাসনৰ তথ্য অনুসৰি অনুজ্ঞা-পত্ৰৰ চৰ্ত অনুসৰি নিশা ১২.৩০ বজালৈকেহে প্রতিষ্ঠানটোক সুৰা পৰিৱেশন কৰিবলৈ অনুমতি প্রদান কৰিছিল। কিন্তু গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (যান-বাহন)ই দাখিল কৰা প্রতিবেদনত ২৬ এপ্রিলত গেট হস্পিতালৰ সমীপৰ মঠঘৰীয়াত সংঘটিত দুর্ঘটনাত চিনাক্ত হোৱা চাৰিজন ব্যক্তিয়ে ৰেস্তোৰাখনলৈ আহিছিল আৰু পুৱতি নিশা প্রায় ৩ বজাত চৌহদৰ পৰা ওলোৱাৰ পূর্বে সুৰা সেৱন কৰিছিল বুলি সদৰী কৰিছিল যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই। এই প্রতিবেদনৰ ভিত্তিত আবকাৰী বিভাগে কামৰূপ (মেট্র’)ব আবকাৰী অধীক্ষকৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল। পৰৱৰ্তী সময়ত কৰা এক তদন্তত নিশ্চিত কৰা হৈছে যে নির্ধাৰিত অনুজ্ঞা-পত্ৰৰ চৰ্তসমূহৰ লগতে অসম আবকাৰী নিয়ম, ২০১৬ৰ নিয়ম ১২৭ (১) উলংঘা কৰি চৌহদটো অনুমোদিত সময়ৰ পিছতো খোলা ৰখা হৈছিল। চৰকাৰী নির্দেশত কোৱা হৈছে, উপৰোক্ত কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি, অসম আবকাৰী আইন, ২০০০ৰ ধাৰা ৩০ৰ অধীনত প্রদান কৰা ক্ষমতাৰ প্ৰয়োগেৰে নিম্ন স্বাক্ষৰকাৰীয়ে ইয়াৰ দ্বাৰা ডি টিন্সি গাঁও (এক্টৰ) ৰ  আইএমএফএল অন অনুজ্ঞা-পত্ৰ পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে তাৎক্ষণিকভাবে কার্যকৰী হোৱাকৈ বাতিল কৰিছে। কর্তৃপক্ষই এই সন্দর্ভত বিতং তদন্তও আৰম্ভ কৰিছে। কামৰূপ (মেট্র’)ৰ আবকাৰী অধীক্ষকক ১৫ দিনৰ ভিতৰত এক বিস্তৃত তদন্ত আৰু প্রতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়া হৈছে।