ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ৬ উইকেটত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ৬ উইকেটত পৰাস্ত হয়। মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ২৪৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি হেনৰিছ ক্লাছেন আৰু ট্রেভিছ হেডৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ছানৰাইজাৰ্ছে ১৮.৪ অভাৰত ৪টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অভিষেক শৰ্মা আৰু ট্রেভিছ হেডে ৫২টা বলত ১২৯ ৰান কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে। অভিষেকে ২৪টা বলত ৪৫ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে হেডে ৩০টা বলত ৭৬ ৰানৰ অৰিহণা আগবঢ়ায়। ইফালে, ক্লাছেনে ৩০টা বলত অপৰাজিতভাৱে ৬৫ ৰান কৰি দলৰ জয়ত মুখ্য ভূমিকা লয়। নীতিশ কুমাৰ ৰেড্ডীয়ে ২১ আৰু সলিল আৰোৰাই ১০টা বলত অপৰাজিতভাৱে ৩০ ৰান কৰি দলৰ জয়ত বিশেষ ভূমিকা গ্রহণ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি অ’পেনাৰ ৰিয়ান ৰিকেলটনৰ বিস্ফোৰক অপৰাজিত শতকৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ২৪৩ ৰান কৰে। উইল জেকছ আৰু ৰিকেলটনে ইনিংছ আৰম্ভ কৰি মুম্বাইক বিস্ফোৰক আৰম্ভণি দিয়ে। দুয়োৱে ৭.১ অভাৰত ৯৩ ৰান সংগ্ৰহ কৰাৰ সময়তে জেকছে বিদায় লয়। ২২টা বলত পাঁচটা চাৰি আৰু তিনিটা ছয়েৰে ৪৬ ৰানৰ অৱদান আগবঢ়ায় জেকছে। জেকছ আউট হোৱাৰ কিছু সময় পিছতে সূৰ্যকুমাৰ যাদৱে মাত্র ৫ ৰান কৰি বিদায় লয়। অৱশ্যে ৫৫টা বলত ১০টা চাৰি আৰু আঠটা ছয়েৰে অপৰাজিতভাৱে ১২৩ ৰান কৰা ৰিকেলটনে নমন ধীৰৰ সৈতে তৃতীয় উইকেটত ৫৫ আৰু হার্দিক পাণ্ডিয়াৰ সৈতে চতুর্থ উইকেটত ৫৬ ৰান সংগ্ৰহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। অধিনায়ক হার্দিকে ৩১ আৰু নমন ধীৰে ২২ ৰান কৰি বিদায় লয়। ইফালে, তিলক বার্মাই মাত্র ৭ ৰানহে কৰে। হায়দৰাবাদৰ হৈ প্ৰফুল হিংগে সর্বাধিক দুটা, মালিংগা, ছাকিব হাছান আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে এটাকৈ উইকেট লাভ কৰে।
