অবাক
হেৰম্ব নাথ
এটা সময়ত
পুৰুষবোৰ কাপুৰুষ হৈ পৰে
যাৰ বাবে
আপোনবোৰ হৈ পৰে পৰ
মৰমবোৰত মামৰে ধৰে,
পিঞ্জৰাত আৱদ্ধ হয়
বুকুৰ হেঁপাহবোৰ
পুৰুষবোৰে নিজানত বুকু ভাঙি কান্দে
নিদাৰুণ ঈৰ্ষাৰ বলি হৈ
নীৰৱে সহি থাকে
বিধিৰ লিখন নাযায় খণ্ডন বুলি….!
পুৰষৰ জীৱন যেন এনেকুৱাই
জীয়াই থাকিও মৃত
আচলতে, পুৰুষৰ মৃত্যু এবাৰ নহয়
কেইবাবাৰো হয়।
