হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc EuroSchool

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত 

বিজ্ঞান শাখাত অধ্যয়ন কৰিব পৰা বিষয়সমূহ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সাধাৰণতে প্রায়বোৰ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে । কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থী সকলে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থীসকলে যদি কেৰিয়াৰ নিৰ্বাচন কৰি ল’ব পাৰে , তেন্তে সেই ক্ষেত্ৰখনত অতি সহজে  আগুৱাই যাব পাৰিব ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীজনে সৰ্বপ্ৰথমে নিজেই নিজক অন্তৰ্মুখী নে বহিৰ্মুখী  নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পৰ্যবেক্ষণ কৰিব লাগিব । ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি , যেনে – বাস্তৱধৰ্মী, অনুসন্ধানী ,শৈল্পিক ,  সামাজিক  , উদ্যমী , গতানুগতিক ব্যক্তিত্ব আদি । ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ , পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব, সেই সম্পৰ্কে জানিবলৈ কেৰিয়াৰ পৰামৰ্শদাতাৰ  সহায়ো ল’ব পাৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত , পলিটেকনিকৰ বিভিন্ন বিভাগত অথবা উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখা(কলা,বাণিজ্য,বিজ্ঞান)ত পঢ়িব পাৰে।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীয়ে সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান,গণিত,অৰ্থবিজ্ঞান, জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি )স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি.ই. , বি.ডিজাইন , বি.আৰ্ক, এম.বি.বি.এছ. , বি.ডি.এছ. ,  বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং, আয়ুৰ্বেদিক , হোমিঅ’পেথিক,পশু পালন আৰু পশু চিকিৎসাৰ , কৃষি , মীন , গাৰ্হস্থ্যবিজ্ঞানৰ, ৰেচমবিদ্যা , উদ্যান শস্য, ফৰেনছিক ছায়েন্স, মাইক্ৰ’বায়’লজী, বায়’কেমিষ্ট্ৰি স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।

শিক্ষাৰ্থীয়ে স্নাতক বিষয় অনুসৰি এম এছ চি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে । যেনে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত-শাস্ত্ৰ, অৰ্থনীতি বিজ্ঞান, উদ্ভিদ বিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান, মাইক্ৰ’বায়’লজী, পৰিসংখ্যা বিজ্ঞান, বায়’টেকন’লজী, ভূতত্ত্ব, সমুদ্র বিজ্ঞান, ফৰেনছিক ছায়েন্স ইত্যাদি ।

এম এছ চি সম্পন্ন কৰাৰ পিছত গৱেষণা আৰু অধ্যাপনা ক্ষেত্ৰত আগ্ৰহীসকলে পি.এইচ.ডি. কৰিব পাৰে।

বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়সহ দ্বাদশ শ্রেণীত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগৰ ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ মান বা  সমতুল্য পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে ষ্টাফ ছিলেকচন কমিছনৰ সংযুক্ত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা , বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে। বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ  নিম্নতম অৰ্হতা সম্পন্ন  স্নাতক সকলে আৱেদন কৰিব পাৰে । বেংক কেৰাণীৰ বাবেও যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ অধীনৰ যিকোনো শাখাৰ  নিম্নতম অৰ্হতা সম্পন্ন  স্নাতক সকলে আৱেদন কৰিব পাৰে ।

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাসকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগ, যেনে- মেডিকেল লেবৰেটৰী টেকন’লজি, মেডিকেল ৰেডিঅ’গ্ৰাফিক টেকন’লজি, কাৰ্ডিয়াক কেয়াৰ টেকন’লজি, ফিজিঅ’থেৰাপি, আইচিইউ টেকন’লজি, চিকিৎসক সহায় পাঠ্যক্ৰম , জৰুৰীকালীন আৰু প্ৰাথমিক চিকিৎসা, অ.টি. টেকন’লজি  (অ.টি. + এনাস্থেচিয়া+ এণ্ড’স্কপি), ডায়েলাইছিছ টেকনিচিয়ান পাঠ্যক্ৰমত ডিপ্লমা/ ডিগ্রী শিক্ষা গ্রহণ কৰিব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।