নগাঁৱৰ মৰিকলঙৰ ডকাইতিৰ মাষ্টাৰমাইণ্ডসহ ২ জনক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও চহৰৰ মৰিকলং সেউজ নগৰত ২৪ এপ্ৰিলৰ পুৱতি নিশা সংঘটিত লোমহর্ষক ডকাইতিৰ ঘটনাৰে জড়িত দুজন দুর্ধর্ষ ডকাইতক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতিম দাসে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয় যে ২৪ এপ্ৰিলত মৰিকলঙৰ ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত পুৱতি নিশা ডকাইতি হৈছিল। চি চি টিভি ফুটেজৰ তথ্য অনুসৰি, সেইদিনা পুৱতি নিশা ৩ বজাত ডকাইতৰ দলটোৱে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে আৰু ডকাইতি কৰি পুৱতি নিশা ৩.১৮ বজাত ওলাই যায়। ডকাইতৰ দলটোত ৫জন লোক আছিল। ঘটনাটো পূর্বপৰিকল্পিত আছিল বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এই ডকাইতি ঘটনাৰ মূল মাষ্টাৰমাইণ্ড চামগুৰি থানাৰ অন্তৰ্গত বৰঘুলিৰ ওমৰ আলী আৰু নগাঁও সদৰ থানাৰ অন্তৰ্গত নগাঁও চহৰৰ আমিনপট্টী ৰে’ললাইনৰ সমীপৰ মিন্টু হুছেইনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। দুই ডকাইতক জেৰা কৰাৰ পিছত ঘৰত তালাচী চলোৱাৰ লগতে ঘটনাত জড়িত আনসকলৰ বিৰুদ্ধে দুয়োজনক লৈ বিভিন্ন স্থানত অভিযান চলায়। ডকাইতিৰ সময়ত লুট কৰা ধনৰ ভিতৰত ধৃত এজনৰ পৰা ২০,৫০০ টকা আৰু আনজনৰ পৰা ২৪,৫০০ টকাসহ মুঠ ৪৫,০০০ টকা উদ্ধাৰ কৰা হৈছে। ভুক্তভোগী পৰিয়ালে এজাহাৰত প্ৰায় ডেৰ লাখ টকা লুট কৰি নিছিল বুলি উল্লেখ কৰিছে। তেওঁ কয় যে আৰু কিছু উদ্ধাৰ কৰিবলৈ আছে। আৰক্ষীৰ তদন্তত ডকাইতিৰ ঘটনাত ৫জন লোক জড়িত থকাটো নিশ্চিত হৈছে। আৰক্ষীয়ে ডকাইতিৰ সময়ত ব্যৱহৃত মাক্স আৰু এখন দা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে যে এই ঘটনাৰ লগত আন্তঃজিলা ডকাইতৰ গেং জড়িত। অসমৰ বিভিন্ন জিলাত এই দলটোৱে এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে। ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। আৰক্ষী বিষয়াগৰাকীয়ে আৰু কয় যে ধৃত ওমৰ আলী এজন পেশাদাৰী ডকাইত। কেইমাহমান পূর্বে শোণিতপুৰ জিলাৰ এটা ডকাইতৰ ঘটনাত ওমৰ জড়িত আছিল। কাৰগাৰতো আছিল। এতিয়া কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ডকাইতিত জড়িত হৈছে। আনহাতে, ধৃত আনজন ডকাইত বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত। আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে সেইদিনা নিশা প্রায় ১২.২০ বজাত ডাঃ শইকীয়া পৰিয়ালসহ ফুৰি আহি ঘৰত সোমাইছিল। তাৰ কিছু সময় পিছৰ পৰা ডকাইতৰ দলটোৱে চিকিৎসকজনৰ ঘৰৰ আগফাল-পিছফালে ঘূৰি আছিল। ডকাইতে শইকীয়াক অনুসৰণ কৰি আছিল। সেইসূত্রে শইকীয়া দলটোৰ চিনাকি হ’ব পাৰে। তেওঁলোকৰ হাতত তথ্য আছিল। ঘৰৰ ভিতৰত ৫জনীয়া ডকাইতৰ দলটো সোমাইছিল। চি চি টিভি ফুটেজৰ তথ্য অনুসৰি, ডকাইতৰ দলটো সেইদিনা পুৱতি নিশা ৩ বজাত শইকীয়াৰ ঘৰত প্ৰৱেশ কৰে আৰু মাত্র ১৮ মিনিটৰ ভিতৰত ডকাইটি কৰি ৩.১৮ বজাত ওলাই যায়। ঘটনাটোৰ সন্দর্ভত তদন্ত চলি থকাৰ কথা উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে শইকীয়া আৰু তেওঁৰ পৰিবাৰক কোনজনে আক্ৰমণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্তৰ অন্ততহে এই বিষয়টো স্পষ্ট হ’ব। উল্লেখ যে মাৰ্চ মাহৰ প্ৰথম ভাগত ডাঃ শইকীয়াৰ ঘৰত চুৰি হৈছিল। চোৰৰ দলে প্রায় ২৭ লাখ টকা চুৰি কৰি নিছিল। ১১ মাৰ্চত টকাখিনি উদ্ধাৰ হৈছিল। শইকীয়াৰ ঘৰত হোৱা ডকাইতৰ ঘটনাৰ লগত চুৰিৰ ঘটনাৰ কিবা সম্পৰ্ক আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে সেই বিষয়টো এতিয়াও অনুসন্ধানত আছে। এই ঘটনাৰ লগত সম্পর্ক থাকিব পাৰে। বিষয়টো ইতিপূর্বে নিউজত ওলাইছিল। সেয়ে হয়তো তেওঁলোকে পৰিয়ালটোক লক্ষ্য কৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে। এই সন্দর্ভতো তদন্ত হ’ব। তেওঁ লগতে কয় যে উদ্ধাৰ হোৱা চুৰি ধনৰাশি কোষাগাৰত আছে। পৰিয়াটোৱে এই ধনৰাশি বিচৰা নাই। ২৩ এপ্রিলত দিনৰ ভাগত ডাঃ ৰঞ্জিত শইকীয়া নগাঁও স্টেট বেংকলৈ তেওঁৰ উল্লিখিত ধনৰাশিৰ বাবে গৈছিল আৰু সন্ধিয়া নগাঁও চহৰৰ এটা শিৱ মন্দিৰলৈ পৰিয়ালসহ গৈছিল আৰু নিশা প্রায় ১২.২০ বজাত ঘৰলৈ গৈছিল। সম্ভৱতঃ ডকাইতৰ দলটোৱে ডাঃ শইকীয়াক বেংক, মন্দিৰ আদিৰ পৰাই অনুসৰণ কৰিছিল। হয়তো কোনো নির্দিষ্ট লোকে ডকাইতৰ দলটোক ডাঃ শইকীয়াৰ গতিবিধিৰ বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে ডকাইতৰ ঘটনাৰ লগত ইতিমধ্যে দুজন ডকাইতক গ্ৰেপ্তাৰ কৰিছে যদিও আন তিনিজনক বাতৰি লিখা সময়লৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীয়ে এই তিনিজন ভকাইতক গ্ৰেপ্তাৰ কৰিবলৈ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই দুর্ধর্ষ ডকাইটক আজি আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁলোকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে। আৰক্ষীয়ে নগাঁও সদৰ থানাত মৰিকলঙৰ ডকাইতিৰ ঘটনা সন্দৰ্ভত ২৯২/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
