মাজুলীৰ যুৱ কবি, লেখক ৰাজু কলিতালৈ সাহিত্য অঙ্কুৰণ সন্মান ২০২৬ 

মাজুলীৰ যুৱ কবি, লেখক ৰাজু কলিতালৈ সাহিত্য অঙ্কুৰণ সন্মান ২০২৬ 

ৰঙিলী বাৰ্ত্তাসেৱা-মাজুলীৰ ভলুকাগুৰি গাঁৱৰ ৰাজু কলিতালৈ ‘স্ৰোতস্বিনীৰ তৰংগত সাহিত্য আৰু সংস্কৃতিৰ স্নেহবন্ধন মঞ্চ’ ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহিত্য অঙ্কুৰণ সন্মান-২০২৬ আগবঢ়ায়। নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যুৱ কবি গৰাকীক সাহিত্য অঙ্কুৰণ সন্মান-২০২৬ সন্মানটি প্ৰদান কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও নিমন্ত্ৰিত অতিথি উপস্থিত থাকে। অনুষ্ঠানটিত কেইবাখনো পুথি উন্মোচন হোৱাৰ লগতে গীত – নৃত্যৰে এক জীপাল পৰিৱেশ হৈ পৰে। উল্লেখযোগ্য যে, ৰাজু কলিতাই বিভিন্ন কাকত, আলোচনীত লেখা প্ৰকাশ কৰি অহাৰ সমান্তৰালকৈ অসমৰ সাহিত্য,সংস্কৃতিৰ লগত জড়িত হৈ থকা প্ৰায় সংখ্যক সাহিত্য চৰ্চাৰ গোটৰ সক্ৰিয় সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে। ৰাজু কলিতালৈ সাহিত্য অঙ্কুৰণ সন্মান ঘোষণা কৰাৰ লগে লগে মাজুলী জিলা কবি সন্মিলনকে ধৰি মাজুলীৰ তথা অসমৰ বিভিন্ন দল সংগঠন আৰু কেইবাখনো সাহিত্য মঞ্চই তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।