“অদৃশ্য মিলনৰ আকুলতা”
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
তোমাক লগ পাব মন যায়—
কোৱা না ক’ত পাম তোমাৰ অমূল্য উপস্থিতি?
এতিয়াও কি মোৰ ওপৰত খং কৰি আছা?
আহা না, এই অভিমানৰ অন্তিম সীমা
ইয়াতেই স্থগিত কৰোঁ।
শব্দৰ প্ৰয়োজন নাই,
চকুৰ নীৰৱ ভাষাই হওঁক আমাৰ অনুভৱৰ
একমাত্ৰ প্ৰকাশ।
তোমাৰ সৈতে কল্পনাৰ আকাশত মই বহু স্বপ্নৰ
আলেখ্য অংকিত কৰি ৰাখিছোঁ,,
আহা না , সেই স্বপ্নবোৰক একেলগে
বাস্তৱৰ মাটিত প্ৰতিষ্ঠিত কৰোঁ।
এই জগত অতি নিৰ্মম—
ইয়াত প্ৰাপ্তি সদায় দুৰ্গম।
ভালপোৱা যিজনে লাভ কৰে, সঁচাকৈয়ে সি
ভাগ্যৰ অমূল্য আশীৰ্বাদত ধন্য।
তোমাৰ স্মৃতিৰ বেদনাময় প্ৰতিধ্বনিয়ে এতিয়া
মোৰ অন্তৰক এটি ক্ষণো স্থিৰ হ’বলৈ নিদিয়ে।
কি কৰোঁ মই—তুমিয়ে কোৱা।
যদি বাস্তৱৰ ধৰাত দেখা পোৱা সম্ভৱ নহয়—
তেন্তে আহা , স্বপ্নলোকতেই আমাৰ মিলন গঢ়ি তোলোঁ।
সপোনৰ সেই প্ৰেম ইমান গভীৰ হওক,
যেন নিজেই তাক দেখি ঈর্ষাত নিমজ্জিত হৈ পৰো।
আহা না—
এনে এক অসীম, অতল, কাল্পনিক প্ৰেমৰ সৃষ্টি কৰোঁ,
