ভাৰত চৰকাৰৰ সাংস্কৃতিক ললিত কলা বিভাগৰ পৰা বৃত্তি লাভ আত্ৰেয়ী বৰঠাকুৰৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনৰ সংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ললিত কলা বিভাগত ২০২৫-২৬বৰ্ষৰ সন্মানীয় বৃত্তি পাবলৈ সক্ষম হৈছে আত্ৰেয়ী বৰঠাকুৰে। আত্ৰেয়ী বৰঠাকুৰ শিৱসাগৰৰ নামতি ব্ৰাহ্মণ গাওঁ নিবাসী ৰূপজ্যোতি বৰঠাকুৰ আৰু মিনতী বৰঠাকুৰৰ একমাত্ৰ কন্যা। আত্ৰেয়ীয়ে বৰ্তমান ডিব্ৰুগড়ৰ খলিহামাৰীত অৱস্থিত শিক্ষানুষ্ঠান স্কুল অৱ ফাইন আৰ্টৰ গুৰু তথা অধ্যক্ষা সুতাপা চৌধুৰীৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহণ কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমানে ডিব্ৰুগড় লিট্ল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰী আত্ৰেয়ী বৰঠাকুৰৰ এই সাফল্যত আৰ্ট স্কুলৰ শিক্ষা গুৰুৰ লগতে সকলোৱে আনন্দ প্ৰকাশ কৰে।
