কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ

Pc Tha Hawk

কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যয়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ আদালতত মুখথেকেচা খালে কংগ্ৰেছ নেতা পৱন খেড়াই । কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন নাকচ কৰিলে  গুৱাহাটী উচ্চ ন্যায়ালয়ে।  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰে পৱন খেড়াৰ অগ্রিম জামিন আবেদন। আদালতে জামিন নাকচ কৰাৰ লগে লগে এতিয়া যিকোনো মুহূর্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া। উল্লেখযোগ্য যে, যোৱা ২১ এপ্ৰিলত অনুষ্ঠিত শুনানিত পৱন খেড়াৰ হৈ জেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি, কমল নয়ন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰিছিল । ইয়াৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই পৱন খেড়াৰ অগ্ৰীম জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰে । উভয় পক্ষৰ যুক্তি শুনি আদালতে পৱন খেড়াৰ অগ্ৰীম জামিনৰ ৰায় সংৰক্ষিত ৰাখে । ইয়াৰ পিছত আদালতে শুকুৰবাৰে পুৱা ১০.৩০ বজাত গোচৰৰ ৰায়দান কৰি পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন নাকচ কৰে । যোৱা ৫ এপ্ৰিলত নতুন দিল্লীত কংগ্ৰেছ নেতা পৱন খেড়াই এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল । এনে অভিযোগক ভিত্তিহীন আখ্যা দি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে অপৰাধ শাখাত গোচৰ এজাহাৰ দাখিল কৰিছিল । এনে গোচৰৰ পিছতে আৰক্ষীয়ে পৱন খেড়াক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলাই যদিও গ্ৰেপ্তাৰত ব্যৰ্থ হয় । আনহাতে তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক ৭ দিনৰ বাবে চৰ্ত সাপেক্ষে অগ্ৰিম জামিন প্ৰদান কৰিছিল । কিন্তু সেই জামিনৰ নিৰ্দেশনাত ত্ৰুটি ৰৈ যোৱা বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় অসম চৰকাৰ । অপৰাধ শাখাত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে পৱন খেড়াক তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা অগ্ৰিম জামিনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰে । ইয়াৰ পিছতে পৱন খেড়াই এনে স্থগিতাদেশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় । কিন্তু শুনানিৰ‌ অন্তত উচ্চতম ন্যায়ালয়ে পৱন খেড়াৰ আবেদনখন খাৰিজ কৰি তেওঁক অসমৰ আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ পিছতেই পৱন খেড়াই অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।