ব’হাগ
ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও
সৰাপাতৰ ধূলিয়ৰী বুকুত
নীৰৱে উচুপি উঠা
ক্লান্ত ফাগুনৰ বিদায় বেলাত,
আঁচলত লুকুৱাই লৈ যায়
অতীতৰ বিষাদগাথা…
শূন্যতাৰ শেষত
সৃষ্টিৰ উন্মাদনাৰে
নৱ সপোনে সময়ক
বসন্তৰ ৰঙেৰে
জীৱনক সজাই তোলা
নামেই — ব’হাগ।
জৰাজীৰ্ণ পথৰ ছাঁ নেওচি
প্ৰকৃতিৰ সতে একাত্ম হোৱাৰ
নিবিড় হেঁপাহবোৰ,
কেঁচা মাটিৰ গোন্ধত প্ৰাণ পোৱা
অনন্ত প্ৰেমেই হ’ল — ব’হাগ।
হৃদয়ৰ প্ৰতিটো কোণত
নৱ আশাৰে,
নৱ প্ৰাণেৰে
জীৱনক আলিঙ্গন কৰাৰ
এটা মিঠা আহ্বানেই হ’ল — ব’হাগ…
