নিৰ্বাচনৰ পাছত  বৈঠকত মিলিত বিৰোধী শিবিৰ

নিৰ্বাচনৰ পাছত  বৈঠকত মিলিত বিৰোধী শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-নিৰ্বাচনৰ পাছত দেওবাৰে প্ৰথমবাৰৰ বাবে মিলিত হ’ল বিৰোধী শিবিৰ ।  নিৰ্বাচনত ঐক্যবদ্ধ হৈ অৱতীৰ্ণ হোৱা বিৰোধী দলসমূহেৰে দেওবাৰে নিশা গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ । বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি বাকী বিৰোধী দলসমূহৰ নেতৃত্ব উপস্থিত থাকে । গুৱাহাটীৰ গ্রীনউড হোটেলত বিৰোধী দলৰ সকলো প্রার্থীক লৈ প্ৰীতিভোজেৰে এই বৈঠক অনুষ্ঠিত কৰা হয় । বৈঠকত কংগ্ৰেছৰ উপৰি ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এপিএইচএলচি, চিপিএম, চিপিআই (এমএল) আদি বিৰোধী দলসমূহৰ প্ৰাৰ্থীসকলৰ লগতে দলকেইটাৰ নেতৃত্বই বৈঠকত অংশগ্ৰহণ কৰে । ভোটগ্রহণত সমষ্টিসমূহত কেনে ৰাজনৈতিক সমীকৰণ দেখা গৈছে আৰু ভৱিষ্যতে বিৰোধী দলসমূহে কি ৰাজনৈতিক কৌশলেৰে আগুৱাব সেই সন্দৰ্ভত বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । ৪ মে’ত ভোটগণনাৰ পূৰ্বেই ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ উঠি-পৰি লাগিছে কংগ্রেছ নেতৃত্বাধীন বিৰোধী শিবিৰ। চৰকাৰ গঠনৰ সপোন লৈ বিৰোধী নেতৃত্বই মহানগৰীৰ অভিজাত হোটেলত নৈশ আহাৰ গ্ৰহণ কৰি আৰম্ভ কৰিলে মিত্ৰজোঁটৰ কোন দলে কিমান আসন পাব তাৰ পর্যালোচনা বৈঠক। পর্যালোচনা বৈঠকখনৰ পৰা ওলাই আহি বিৰোধী ঐক্যৰ নেতা গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ঘোষণা কৰিলে চৰকাৰ তেওঁলোকেই গঠন কৰিব। বৈঠকৰ পৰা ওলাই আহি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈৰ দাবী- চৰকাৰ বিৰোধী ঐক্যই গঠন কৰিম। মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ। ৪ মে’ত ভোটগণনাৰ পাছত বিৰোধী ঐক্যই ৭০-৯০খন আসন পোৱাৰ সম্ভাৱনা আছে বুলিও কয় অখিল গগৈয়ে। আনকি, বিৰোধী ঐক্যই নিৰ্বাচনৰ পূৰ্বে লাভ কৰিব বুলি নভবা আসন লাভ কৰিব বুলি স্পষ্ট কৰে অখিল গগৈয়ে। পর্যালোচনা বৈঠকৰ পৰা ওলাই আহি অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাঙৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়েও চৰকাৰ বিৰোধী ঐক্যই গঠন কৰিব বুলি মন্তব্য কৰাৰ লগতে ৰাইজৰ দল আৰু জাতীয় পৰিষদেও অধিক আসন পাব বুলি মন্তব্য কৰে। তেওঁ অসমৰ ৰাইজক অহা ৪ মে’লৈকে ধৈর্য ধৰিবলৈ অনুৰোধ জনায়। কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে এইবাৰ অসমৰ ৰাইজে বিৰোধীক সমর্থন জনাইছে। বহু বাধা সত্ত্বেও অসমৰ ৰাইজে বিৰোধী ঐক্যক ভোট দিছে। আমি অসমৰ জনসাধাৰণক ধন্যবাদ জনাইছোঁ।