ডিব্ৰুগড়ৰ বাণীপুৰত ৩০ সংখ্যক ৰঙালী বিহু সন্মিলনৰ আয়োজন: শ্রেষ্ঠ হুঁচৰি দলক সত্তৰ হাজাৰ টকা

ডিব্ৰুগড়ৰ বাণীপুৰত ৩০ সংখ্যক ৰঙালী বিহু সন্মিলনৰ আয়োজন: শ্রেষ্ঠ হুঁচৰি দলক সত্তৰ হাজাৰ টকা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বাণীপুৰস্হিত পূৰ্বাঞ্চল নৱজ্যোতি সঙ্ঘৰ সৌজন্যত তথা বৃহত্তৰ বাণীপুৰবাসী ৰাইজৰ সহযোগত অহা ২৪ আৰু ২৫ এপ্ৰিল তাৰিখে উদযাপন কৰিবলৈ লোৱা হৈছে ৩০ সংখ্যক ৰঙালী বিহু সন্মিলন। সন্মিলনত বিভিন্ন প্ৰতিযোগিতাৰ লগতে উজনি অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। প্ৰতিযোগিতাত শ্ৰেষ্ঠ হুঁচৰি দলক স্বৰ্গীয় মহেন্দ্ৰ দত্ত সোঁৱৰণী বঁটাৰে সন্মানিত কৰাৰ লগতে আগবঢ়োৱা হ’ব নগদ ৭০,০০০ টকা। আনহাতে দ্বিতীয় স্থানাপ্ৰাপ্ত দলটিক নগদ ৩৫,০০০.০০ টকাৰে পুৰষ্কৃত কৰা হ’ব। উল্লেখ্য যে ৩০ সংখ্যক ৰঙালী বিহু সন্মিলনখনিৰ লগত সংগতি ৰাখি ‘ বিহুৰে বিৰিণা পাত ‘ শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ পাব। ২৫ তাৰিখে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসে। সন্মিলনখনিৰ সফল উদযাপনৰ বাবে সমুহ বাণীপুৰবাসীৰ লগতে ৰাইজৰ সহায় সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি কুসুম্বৰ গগৈ, সম্পাদক বিশ্বজিৎ চাংমাই তথা সাংস্কৃতিক সম্পাদক বিষ্ণু গোহাঁইয়ে।