গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত বিহু সম্রাজ্ঞীৰ মুকুট

গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত বিহু সম্রাজ্ঞীৰ মুকুট

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে । লতাশিল খেলপথাৰত অনুষ্ঠিত এই গৌৰৱোজ্জ্বল প্ৰতিযোগিতাত কেইবাগৰাকীও দক্ষ প্ৰতিযোগীক চেৰ পেলাই গুৱাহাটীৰ সংগীতা ৰাভাই লাভ কৰিলে ২০২৬ বৰ্ষৰ ‘বিহু সম্রাজ্ঞী’ৰ খিতাপ। লতাশিল খেলপথাৰত অনুষ্ঠিত ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীত সংগীতা ৰাভাই এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়। কেইবাগৰাকীও দক্ষ প্রতিযোগীৰ মাজৰ পৰা শ্রেষ্ঠ প্রদর্শনেৰে সংগীতা ৰাভাই এই সন্মান লাভ কৰে। বিহু সম্রাজ্ঞীৰ খিতাপ জয় কৰা সংগীতা ৰাভাই পুৰস্কাৰ হিচাপে লাভ কৰে এটি মুকুট, বিহু সম্রাজ্ঞী দণ্ড, মান-পত্র, জাপি আৰু নগদ ১,৭১,১০১ টকা। ইয়াৰ উপৰি তেওঁক সোণৰ গহনা, টিভি, বিফ্রিজেৰেটৰ, ৱাশ্বিং মেচিনসহ বহুতো আকর্ষণীয় উপহাৰ প্ৰদান কৰা হয়। উল্লেখ্য যে এইবাৰ লতাশিলৰ এই সন্মানীয় খিতাপৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৬ গৰাকী বিহুৱতীয়ে প্রতিযোগিতাত অংশ লৈছিল। তেওঁলোক হ’ল- গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণাশ্রী বুঢ়াগোহাঁই, ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিশা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথ। এই বিহু সম্রাজ্ঞী প্রতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল অজিত গগে, প্রবীণ শইকীয়া আৰু জয়া শীল ঘোষ। বিহু কুঁৱৰী, বিহুৰাণী আৰু অন্যান্য খিতাপ আনহাতে, গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই ‘বিহু কুঁৱৰী’ আৰু লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে ‘বিহুৰাণী’ৰ খিতাপ অর্জন কৰে। দুয়োগৰাকী বিজয়ীকে মান-পত্ৰ আৰু নগদ ধনৰ লগতে সোণৰ গহনা আৰু বিভিন্ন আকর্ষণীয় উপহাৰেৰে সন্মানিত কৰা হয়। আনহাতে, গুৱাহাটী বিহু সম্মিলনী ২০২৬-ৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰে লাচিত গগৈয়ে। একেদৰে গোবিন চন্দ্ৰ গগৈয়ে শ্রেষ্ঠ পেঁপাবাদকৰ সন্মান অর্জন কৰে। এই বর্ণিল কাৰ্যসূচীৰ জৰিয়তে লতাশিলৰ ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ সফল সামৰণি পৰে।