এনেকৈ নক’বা দেই
অন্নপূৰ্ণা বৰা, যোৰহাট
বাখৰুৱা সপোনেৰে
উদুলি মুদুলি
মনৰ পদুলি
তোমাৰ বুকুৰ গভীৰতাত
হেৰুৱাই নিজৰ ছন্দ
তুমি মই পৰা আমি হোৱা ক্ষণৰ
নিৰৱ , নিমাত সময়
নাইনিতাল অথবা চেৰাপুঞ্জীৰ
বৰফৰ আলয়ত
ন -সপোনৰ গুঞ্জন
কি ভাষাত প্ৰেম হয়
আৱেগত ভিজা কলিজাত
হৃদয়ত জীপাল হয়
শব্দবিহীন সুৰৰ আঘোন
আকাশলৈ চোৱা
নিলাজী জোনটোৱেও
লাজে লাজেে
ডাৱৰৰ আচঁলত লুকাই
তোমাৰ বুকুৰ গভীৰতাত
সিচৰিত কৰি মোৰ ঠিকনা
এবুকু মৰম এসাগৰ ভাৱনাত
কেৱল মাথো তোমাৰে অনুৰণন
