এনেকৈয়ে বাৎসৰিক শীত ,বসন্ত আহে
নীলমণি গগৈ
এনেকৈয়ে বাৎসৰিক
বসন্ত আহে ফুল ফুলে
সুবাস বিলায়, উৰে
ফুলৰ পাহে পাহে
বিৰিখে ন-সাজ পিন্ধে
শোভন কৰে কিশলয়ে
মিচিকি হাঁহে
বিৰিখৰ ডালে
ন-উলাহেৰে বাসন্তীৰ
মেলা পাতে
বাসন্তী বিহগ-বিহগীয়ে,
জীৱন যৌৱনৰ ডিঙা
উটি ভাঁহি যায় লুইতত
উটুৱাই নিয়ে ক্ষিপ্ৰ সোতে
দক্ষিণা,পছোৱা সমীৰৰ
বহল বুকুত আশাৰ পালখনি
প্ৰভাতী বিভাতো নাচে
জীৱন যৌৱনৰ উতলা বা
আহে বৈ সকলোৰে বাবে
অনন্ত হেঁপাহ জগাই
নাচি উঠে পৰাণে,
তাতে এদিন তালৈ শীত আহে
শীতৰ শীতাৰ্ত লগনত
বিৰিখৰ জৰাজীৰ্ণ শীৰ্ণ ডালৰ
পাতবোৰ সৰি সৰি পৰে
বিৰিখৰ সৌন্দৰ্যও ম্লান পৰে,
নতুন দিনৰ অপেক্ষাত থকা
বিৰিখ-বল্লীয়ে হেনো জানে
শীতৰ দিন উকলি গ’লে
ৰঙালী বাসন্তী লগন আহে
প্ৰকৃতিৰ বুকুলে
সেউজীয়াৰ সেউজীয়া হ’বলে
মাথো প্ৰাণী কুলৰ জীৱনলৈ
আহে জানো ৰঙৰ ৰঙালী দিন
কিম্বা জীৱন যৌৱনৰ বসন্ত ঋতু
বাসন্তী লগন বাৰে বাৰে?
নাহে এবাৰ আহি গ’লে,
এই যে প্ৰকৃতিত নিবন্ধ নিয়ম,
যি নিয়ম সকলোৱে মানিবই লাগে।
