চ’ত নে বহাগ – ৰূপালী গগৈ চুতীয়া 

Pc Mongabay-India

চ’ত নে বহাগ 

ৰূপালী গগৈ চুতীয়া 
ডিব্ৰুগড়

সোণাৰুৱে বসন্তৰ জাননী দিলে
তাকে দেখি এজাৰেও মেলিলে কলি
এইবাৰ বিহুতে তুমিও আহিবা
মনৰ কথা কম খুলি।
বহু কথা কবলৈ আছে
নাপাওঁযে তোমাক কাষত
মনৰ বেথাবোৰ কাক খুলি ক’ম
তুমিও থাকা বহু দূৰত।
কপৌ ফুল ফুলিলে
কুলিয়ে কান্দিলে বনত
বহু হেঁপাহেৰে গামোচা বলো মই
সদায় পৰি থাকে মনত ।
কেতেকীৰ হিয়াভঙা বিননি
চকুত নাই টোপনি
পেটলৈ নাযায় মোৰ ভাত ,
নদীৰ ঘাটত বিচাৰোঁ তোমাকে
পাবলৈ নাই যে মাত।