আঁক-বাক – বনজিত দাস

PC Pixabay man

আঁক-বাক

বনজিত দাস
 ৰিহাবাৰী , বজালী  

  নীলাঞ্জনা আকাশত মেঘালী দাগ
টোপালত চকুপানীৰ এভাগ
চকুপানীৰ দাম কিমান অপ্ৰাসংগিক
ফৰফটো গলিয়েই যায়
অলাগতিয়াল শব্দাংশ গুণগুণনি
যন্ত্ৰণাৰ শিপা নগজেই
বিষবোৰ চকুপানী হৈ নিগৰে
ৰাতিৰ এন্ধাৰত মিলিব জানে বাবেই
বুকুত জোনাকী পৰুৱা নাচে
আকাশৰ তৰাই ভাবে
বুকুত ইমান তৰাফুল হাঁহে
সেউজ বোৰৰ সৈতে কথা পাতে
এন্ধাৰতো সতেজ হয় পৃথিৱী
পোহৰৰ যাতনাত প্ৰতিদ্বন্দিতা কৰে
পিয়লাত ফটিকা দৰেই মিলাই
বাৰে বাৰে হাৰিয়ো হাঁহিব শিকিছোঁ
এতিয়া আৰু যে একোৱেই নাই অনুভৱ
শব্দবোৰে বিচাৰি পাইছে
য’তেই যন্ত্ৰণাবোৰে নৈ বোৱাব পাৰে
সৃষ্টি হয় কবিতাৰ দৰেই
আঁক-বাক  ।