হায়দৰাবাদৰ হাতত ৫৭ ৰানত পৰাস্ত ৰাজস্থান
ৰঙিলী বাৰ্ত্তাসেৱা- চাৰিখন খেলত ক্রমাগত জয়লাভ কৰা ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে সোমবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ৫৭ ৰানত পৰাজয় স্বীকাৰ কৰে। ঘৰুৱা দল হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ২১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাজস্থানে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰান কৰে। দলীয় স্ক’ৰ ৯ ৰানতে ৫টাকৈ উইকেট হেৰুৱাই চৰম বিপৰ্যয়ত পৰে দলটো। বৈভৱ সূৰ্যবংশীয়ে ইনিংছৰ প্ৰথমটো বলতে বিদায় লয়। বৈভৱৰ পিছত ধ্ৰুৱ জুৰেলে ০, প্রেট’ৰিয়াছে ০, জয়ছোৱালে ১ আৰু অধিনায়ক ৰিয়ান পৰাগে ৪ ৰান কৰি বিদায় লয়। অৱশ্যে ৰবীন্দ্ৰ জাদেজা আৰু ড’ন’ভান ফেৰেইৰাই ষষ্ঠ উইকেটত ১১৮ ৰান কৰি দলক জয়ৰ দিশে নিয়াৰ চেষ্টা কৰিছিল যদিও ফেৰেইৰাই ব্যক্তিগত ৬৯ ৰানত বিদায় লোৱাত দলটোৰ সেই আশা নির্বাপণ হয়। ইফালে জাদেজাই ৪৫ ৰান কৰে। হায়দৰাবাদৰ হৈ প্ৰফুল হিংগে আৰু ছাকিব হুছেইন উভয়ে চাৰিটাকৈ উইকেট লয়। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক ঈশান কিশনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ইনিংছৰ প্ৰথমটো বলতে বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাই বিদায় লোৱাত বিপদত পৰে দলটো। অৱশ্যে আনগৰাকী অ’পেনাৰ ট্রেভিছ হেডে অধিনায়ক ঈশানৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৫৫ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰাৰ সময়ত হেডেও ১৮ ৰান কৰি বিদায় লয়। ঈশানে ক্লাছেনৰ সৈতে লগ লাগি চমকপ্রদ বেটিং দাঙি ধৰি দলটোক সুবিধাজনক স্থিতিত উপনীত কৰায়। দুয়োৰে মাজত তৃতীয় উইকেটত গুৰুত্বপূৰ্ণ ৮৮ ৰান সংগ্ৰহ হয়। ঈশানে মাত্র ৪৪টা বলত ৮টা চাৰি আৰু ৬টা ছয়েৰে ৯১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ দলক উপহাৰ দিয়ে। ঈশান আউট হোৱাৰ কিছুসময় পিছত ক্লাছেনেও পেভিলিয়নমুখী হয়। দক্ষিণ আফ্ৰিকাৰ তাৰকা বেটাৰগৰাকীয়ে ২৬টা বলত ৪০ ৰানৰ অৱদান আগবঢ়ায়। শেষৰ পিনে নীতিশ কুমাৰ ৰেড্ডী আৰু সলিল আৰোৰাই বেটিং দাঙি ধৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। নীতিশে ১৩টা বলত ২৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে সলিলে ১৩টা বলত অপৰাজিতভাৱে ২৪ ৰান কৰে। ৰাজস্থান ৰয়েলছৰ হৈ জ’ফ্ৰা আৰ্চাৰে সৰ্বাধিক দুটা উইকেট লাভ কৰে।
