নতুনকৈ সজাব নোৱাৰিলো
প্ৰবীণ কুমাৰ টায়ে
লালুক লখিমপুৰ
নতুনত্ব বুলিবলৈ কি আছে
একোৱে নাই……
ৰঙালী বিহু পালেহি
বিহুটিৰ
বহু যুগৰ আজুককা দিনৰ…..
কুলিয়ে বিনাইছে
কুলি জনীও সেই তাহানিতে বিনাইছিল
ককা আইতাই কোঁচত বঢ়ায়
সাধু কথা শুনোৱা সময়ত………
গছে-বনে
ন কুঁহিপাত মেলিছে….
বছৰি ন কুঁহিপাত পকী সৰে
আইয়ে তাঁতশালত বৈ উলিয়াইছিল
গামোচা, সাজ
বহু দিনীয়া সূতা
আলমেৰাত দোকানীয়ে সজাই ৰখা।
লংপেন্ট চুলাটোৰ
কেতিয়াবতে তৈয়াৰ কৰা
দোকানৰ গুদামৰ কোণত
দলিয়াই থোৱা।
নতুনত্ব বুলিবলৈ কি আছে
একোৱে নাই
মুখৰ পাউদাৰ
মূৰৰ তেল
ডিঙিৰ মণি
কাণৰ ফুলি
বহু দিনৰ পৰা দেখা
নতুনত্ব বুলি একোৱে নাই
কবও নোৱাৰোঁ
আমি নতুনত্ব বুলি।
