উদাসীনতাৰ অন্য নাম
বনজিত দাস
ৰিহাবাৰী, বজালী ।
আবিৰ ৰঙত সঁফুৰা মেলা
দুখত শুকান খৰি
কলৰ মুৰা ফলা টুকুৰা দেহা
খাৰণিৰ চোতাল
জুপুঙা মৰা শব্দৰ ভৰত
আধামৰা ।
ফেৰেঙনিৰ ফাকেদি ৰঙা মুৱাৰ হাঁহি
ওফোন্দা আকাশ ঠেহ বন্ধা মন
লঠঙা গছৰ ডালত কলিজাটো আঁকি
অলেখ ভাবৰ বুৰবুৰণি ।
উদং লগা গছবোৰৰ যন্ত্ৰণাৰ বোজা
পুৰঠ হ’ব ধৰা খৰাং বুকু
যেন প্ৰসৱ যাতনাৰ নাৰীৰ হাঁহি
কুঁহি পাত মেলা ।
খৰাং লগা নদী
কাৰোবাৰ অপেক্ষাত
নিৰ্লিপ্ততাত বুৰ যোৱা বুকু
বন-বিৰিণাই চাই জুমি
বিৰহ বেদনা !
চৰচৰনি ফটা শুকান মাটি
সদৃশ দেহ মন মাটিতেই বিলিন
আকাশ মাটিৰ মিলন
উদাসীনতা
ফাগুন লগা দিন——
