উছেইন ব’ল্টৰ অভিলেখ ভংগ গাউটৰ

Pc India Today

উছেইন ব’ল্টৰ অভিলেখ ভংগ গাউটৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কিংবদন্তি স্প্রিন্টাৰ উছেইন ব’ল্টৰ অভিলেখ ভংগ কৰিলে অষ্ট্ৰেলিয়াৰ যুৱ স্প্রিন্টাৰ গাউটে। দেওবাৰে ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ২০০ মিটাৰ দৌৰ মাত্র ১৯.৬৭ ছেকেণ্ডত সমাপ্ত কৰে। ফলত ১৮ বছৰীয়া গাউটে স্বর্ণ পদক লাভ কৰাই নহয়, জামাইকাৰ কিংবদন্তি ব’ল্টৰ অভিলেখো ভংগ কৰে। উছেইন ব’ল্টে ২০০ মিটাৰ দৌৰ ১৯.৯৩ ছেকেণ্ডত সমাপ্ত কৰিছিল। মন কৰিবলগীয়া যে এই দৌৰৰ পূর্বে গাউটৰ ব্যক্তিগত শ্রেষ্ঠ সময় আছিল ২০.০২ ছেকেণ্ড। অষ্ট্ৰেলিয়াৰ যুৱ স্প্রিণ্টাৰগৰাকীয়ে কম সময়ৰ ভিতৰতে নিজৰ অভিলেখ ভংগ কৰে। ইপিনে, মাত্র ২০ ছেকেণ্ডৰ ভিতৰত ২০০ মিটাৰ দৌৰ সমাপ্ত কৰা প্ৰথমজন অষ্ট্ৰেলিয়ান এথলীট হিচাপে ইতিহাস ৰচনা কৰে গাউটে। দেওবাৰে তেওঁ মাত্র ১৯.৬৭ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি ২০ বছৰৰ তলৰ পৰ্যায়ত বিশ্বৰ দ্রুততম স্প্রিন্টাৰ হিচাপে প্রতিষ্ঠা কৰে।