বেডমিন্টন এছিয়া চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় আয়ুস শেট্টীৰ

Pc NDTV Sports

বেডমিন্টন এছিয়া চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় আয়ুস শেট্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চীনত অনুষ্ঠিত প্রতিযোগিতাখনত পুৰুষ ছিংগলছৰ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচখনত বিশ্বৰ ২৫সংখ্যক বাছনিৰ আয়ুস শেট্টীয়ে বিশ্বৰ দ্বিতীয় বাছনিপ্রাপ্ত চীনৰ শ্বি ইউ কিৰ হাতত পৰাজয় স্বীকাৰ কৰে। ৪১ মিনিটৰ মেচখনত ভাৰতৰ ২০ বছৰীয়া শ্বাটলাৰগৰাকীয়ে ডিফেণ্ডিং বিশ্ব চেম্পিয়ন চীনৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ হাতত ৮-২১, ১০-২১ গেমত আত্মসমর্পণ কৰে। ফাইনেল মেচখনত পৰাস্ত হোৱাত আয়ুসে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। উল্লেখ্য যে ১৯৬৫ চনৰ পিছত আয়ুস শেঢ়ীয়ে প্রথমগৰাকী ভাৰতীয় হিচাপে প্রতিযোগিতাখনৰ পুৰুষ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছিল। আয়ুসৰ পূৰ্বে এই কৃতিত্ব অর্জন কৰা ভাৰতৰ প্ৰথমগৰাকী শ্বাটলাৰ হ’ল দীনেশ খান্না। ১৯৬৫ চনৰ বেডমিন্টন এছিয়া চেম্পিয়নশ্বিপৰ পুৰুষ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰাই নহয়, স্বর্ণ পদকো জয় কৰিছিল দীনেশ খান্নাই। ইপিনে, ২০২৩ চনৰ প্ৰতিযোগিতাখনৰ পুৰুষ ডাবলছত ভাৰতৰ সাত্ত্বিকসৈৰাজ ৰণকিৰেড্ডী আৰু ছিৰাগ শেট্টীয়ে স্বর্ণ পদক জয় কৰিছিল।