নির্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত অজাপৰ প্রার্থী কুংকি চৌধুৰীক আৰক্ষীৰ জেৰা

নির্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগত অজাপৰ প্রার্থী কুংকি চৌধুৰীক আৰক্ষীৰ জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা- নির্বাচনী আচৰণবিধি ভংগৰ অভিযোগত মহানগৰ আৰক্ষীৰ জেৰাৰ সমুখীন হ’ল মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী কুংকি চৌধুৰী।প্ৰায় দুঘণ্টাজোৰা সোধপোছৰ পাছত পাণবজাৰ আৰক্ষী থানাৰ পৰা যাবলৈ দিয়া হ’ল মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীক । পাণবজাৰ থানাত ৰুজু হোৱা ৭৪/২৬ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে প্রার্থীগৰাকীক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰে। শনিবাৰে নিশা প্ৰেৰণ কৰা চমনৰ ভিত্তিত দেওবাৰে দিনৰ প্ৰায় ১১ বজাত থানাত উপস্থিত হোৱা কুংকি চৌধুৰীক প্রায় দুঘণ্টাজুৰি আৰক্ষীয়ে জেৰা চলায়। উল্লেখ্য যে যোৱা ৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ দিনা সমষ্টিটোৰ এটা ভোটকেন্দ্ৰত দেহৰক্ষীসহ প্ৰৱেশ কৰিছিল কুংকি চৌধুৰীয়ে। নির্বাচনী আচৰণবিধি প্রযোজ্য হৈ থকাৰ সময়ত বিধিগত নিয়ম মতে প্রার্থীগৰাকীৰ প্ৰৱেশ নীতি-বহির্ভূত হোৱাৰ বাবেই পাণবজাৰ থানাত গোচৰটো ৰুজু কৰা হৈছিল। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে কুংকি চৌধুৰীৰ নিৰ্বাচনী ব্যৱস্থাপনা দলৰ চাৰি সদস্যকো আটক কৰিছিল যদিও জেৰাৰ অন্তত তেওঁলোকক মুকলি কৰি দিয়ে। জেৰাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কুংকি চৌধুৰীয়ে তেওঁৰ ওপৰত আৰোপিত সকলো অভিযোগক নস্যাৎ কৰি কয় যে সম্পূর্ণ মিছা এটা অভিযোগ মোৰ ওপৰত জাপি দিয়া হৈছে। মই কোনো নির্বাচনী আচৰণবিধি উলংঘা কৰা নাই। অভিযোগটো দিয়াৰ পাছত থানালৈ চমন দিয়াৰ বাবে ভাল পোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে মতাৰ বাবে ভাল পাইছোঁ। মোৰ নিজৰ বক্তব্যখিনি আৰক্ষীৰ আগত দাঙি ধৰিছোঁ। প্রশাসন ব্যৱস্থাৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে। তদন্ত সঠিকভাৱেই হ’ব। ইপিনে প্রার্থীগৰাকীক পাণবজাৰ আৰক্ষীয়ে জাৰি কৰা চমনৰ পাছতে ইয়াকে লৈ প্রতিক্রিয়া প্রকাশ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মহানগৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে প্রার্থীগৰাকীৰ উত্থান আৰু জয়ৰ সম্ভাৱনা দেখি সকলোৱে আতংকিত হৈ পৰিছে। আৰক্ষীৰ এই আচৰণে অজাপক শক্তিশালীহে কৰি তুলিব। আনহাতে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগত অজাপই তীব্র গৰিহণা দিছে। দলটোৱে অন্য সমষ্টিতো কর্মী-সমৰ্থকক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি অসমৰ মুখ্য নির্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এক বিজ্ঞপ্তিযোগে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্রকাশ কৰে যে কুংকি চৌধুৰী আৰু দলীয় সমৰ্থকৰ ওপৰত আৰক্ষীয়ে চলাই অহা নির্যাতন ৰাজনৈতিক প্রতিহিংসাৰ বাহিৰে আন একো নহয়। নির্বাচনীবিধি অনুসৰি ভোটকেন্দ্ৰত প্ৰৱেশৰ অধিকাৰ আৰু স্বাধীনতা এগৰাকী প্ৰাৰ্থীৰ আছে। গতিকে কুংকি চৌধুৰীৰ বিৰুদ্ধে ভোটকেন্দ্ৰত প্ৰৱেশ কৰি নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ অবান্তৰ।