তামুলপুৰৰ গোৰেশ্বৰ চ’কত শোকাৱহ পথ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- তামুলপুৰ জিলাৰ গোৰেশ্বৰ চ’কত আজি পুৱা প্ৰায় ৬ বজাত এক অতি ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তামুলপুৰৰ গোৰেশ্বৰ চ’কত সংঘটিত এই ভয়াৱহ পথ দুর্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱা লগতে আন ১১গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, AS 28 C 4667 নম্বৰৰ টেম্পো আৰু AS 13 R 7379 নম্বৰৰ ইকো ভেনৰ মাজত মুখামুখি সংঘর্ষ হোৱাৰ ফলত এই ভয়াবহ দুর্ঘটনাটো সংঘটিত হয়। মহেশ বড়ো নামৰ এজন লোক দুর্ঘটনাটোত থিতাতে নিহত হয় । উল্লেখযোগ্য যে নিহত মহেশ বড়ো আৰু গুৰুতৰভাৱে আহত আন ছয়গৰাকী লোক গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত আছিল। তেওঁলোক গুজৰাটৰ পৰা ৰে’লযোগে আহি আজি পুৱা ৰঙিয়াৰ পৰা তামুলপুৰৰ ডুমৰীয়ালৈ টেম্পোযোগে গৈ থকা সময়তে গোৰেশ্বৰ চ’কত এই ভয়াৱহ দুর্ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাৰ পিছতেই আৰক্ষী আৰু স্থানীয় ৰাইজে তৎপৰতাৰে আহতসকলক উদ্ধাৰ কৰি তামুলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। আহতসকলৰ ভিতৰত কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
