কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কানৈ মহাবিদ্যালয় কেন্দ্ৰৰ নৱাগতাৰ চিনাকী পৰ্ব অনুষ্ঠান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘মানৱ জীৱন সমৃদ্ধিশালী কৰিবলৈ দৃঢ় বিশ্বাস আৰু শিক্ষাই একমাত্র আহিলা।’ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ২০২৬ (জানুৱাৰী-মার্চ) শিক্ষা বৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ চিনাকী পৰ্ব তথা আদৰণী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই এইদৰে কয় । মহাবিদ্যালয়ৰ শিক্ষক জিৰণি কোঠাত অনুষ্ঠিত হোৱা অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে কয়— শিক্ষা গ্ৰহণৰ কোনো নির্দিষ্ট সময় নাথাকে। সেয়েহে মানুহে ইচ্ছা কৰিলে আৰু মনত দৃঢ় সংকল্প থাকিলে সকলোপ্ৰকাৰৰ বাধাকো নেওঁচি নিজৰ জীৱনৰ লগতে সমাজখনলৈ অনবদ্য অৱদান আগবঢ়াই যাব পাৰে। তেওঁ কয়— আনুষ্ঠানিকশিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষা তথা দূৰ শিক্ষা ব্যৱস্থাত মানৱ জীৱনৰ প্ৰয়োজনীয় সকলো শিক্ষা গ্রহণ কৰিব পাৰে। এইক্ষেত্ৰত অসমৰ প্ৰথমখন মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে অসমৰ শিক্ষাৰ্থীসকলৰবাবে এক অতি গুৰুত্বপূৰ্ণ সংস্কৰণ বুলি তেওঁ মত প্ৰকাশ কৰে। কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্তবিশ্ববিদ্যালয় কানৈ মহাবিদ্যালয় কেন্দ্ৰৰ সমন্বয়ক ড° বিৰাজ দত্তই আঁত ধৰা অনুষ্ঠানটিত শিক্ষা কেন্দ্ৰটোৰ প্ৰাক্তন প্ৰতিষ্ঠাপকসমন্বয়ক তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° আতিকুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা প্রাক্তন সমন্বয়ক ড° প্রিয়দেৱগোস্বামীয়ে উপস্থিত থাকি কেন্দ্ৰটোৰ প্ৰতিষ্ঠা লগ্নৰ স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° পার্থ গাংগুলী,শৈক্ষিক পৰিষদৰ সদস্য সচিব ড° জ্যোতি প্ৰসাদ ফুকন, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপাংকজ গগৈ,ডিব্ৰুগড় পলিটেকনিকৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° প্ৰণৱজ্যোতি লহকৰ উপস্থিত থাকি নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যিমননশীল বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত শিক্ষা কেন্দ্ৰটোৰ লগত জড়িত বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অর্ধশতাধিক নৱাগত ছাত্র-ছাত্রী উপস্থিত থাকে।
