নদুৱাৰত ভোটদানৰ পূৰ্বে প’লিং বিষয়াৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটগ্ৰহণ কেন্দ্ৰত অঘটন । ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে সংঘটিত হয় এক শোকাৱহ ঘটনা । বৃহস্পতিবাৰে পুৱা সমষ্টিটোৰ ২৩০ নং ভোটকেন্দ্ৰত সংঘটিত হয় এই শোকাৱহ ঘটনা ।নদুৱাৰ সমষ্টিৰ ২৩০নং দ’লাপানী ভোটগ্রহণ কেন্দ্রত ভোটগ্ৰহণৰ পূৰ্বে এজন প’লিং বিষয়াৰ মৃত্যু ঘটে। মৃত্যু হোৱা প’লিং বিষয়াগৰাকী ৰঙাপৰাৰ ৰঙাপৰাৰ দোপদোপি প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱেন হ’ৰ বুলি জানিব পৰা গৈছে। স্থানীয় প্রশাসনৰ পৰা জানিব পৰা মতে, পুৱা ৬ বজাত ভোটকেন্দ্রটোত ২য় প’লিং বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ অহা ব্যক্তিগৰাকী অসুস্থ হৈ পৰে। অসুস্থ ব্যক্তিগৰাকীক এম্বুলেঞ্চযোগে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰে। মৃত প’লিং বিষয়াগৰাকীৰ ঘৰ ৰঙাপৰাৰ কছাৰী গাঁৱত বুলি জানিব পৰা গৈছে। প’লিং বিষয়াগৰাকীৰ মৃত্যু হোৱাত ভোটকেন্দ্রটোত কিছু পলমকৈ ভোটগ্রহণ অনুষ্ঠিত হয়।
