কেৰালা-পুডুচেৰীত ভোটগ্ৰহণ সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ নির্বাচন আয়োগে ইতিপূর্বে ঘোষণা কৰা মতে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্রীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ সূচী অনুসৰি বৃহস্পতিবাৰে অসম, কেৰালাম আৰু পুডুচেৰীৰ ভোটগ্রহণ একেটা পর্যায়তে অনুষ্ঠিত হয়। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ পর্ব সন্ধিয়া ৬ বজাত সামৰণি পৰে। সামগ্রিকভাৱে শান্তিপূর্ণ ভোটগ্রহণ অনুষ্ঠিত হয় তিনিওখন ৰাজ্যতে। কেৰালামত ১৪০খন আৰু পুডুচেৰীৰ ৩০খন আসনৰ বাবে একক পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে । কেৰালামত মুঠ ৮৯০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ২.৭ কোটিৰো অধিক ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে । ৰাজ্যখনত মূল যুঁজখন হৈছে শাসকীয় চিপিআই (এম) নেতৃত্বাধীন বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট (এল ডি এফ) আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মাজত । আনহাতে, পুডুচেৰীত ৰাজ্যখনৰ ৯,৫০,০০০ ভোটাৰে ২৯৪ গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷পুডুচেৰীত বিজেপি নেতৃত্বাধীন এনডিএ আৰু কংগ্ৰেছৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। দুয়োখন ৰাজ্যৰ জনসাধাৰণে বিভিন্ন ভোটগ্রহণ কেন্দ্ৰত উৎসাহেৰে ভোটদান কৰা পৰিলক্ষিত হয়। বৃহস্পতিবাৰৰ দিনটোত বিপুলসংখ্যক ভোটদান হোৱাৰ খবৰ আহিছে দুয়োখন ৰাজ্যৰ পৰা। কেৰালাত ৭৮.০৩ শতাংশ ভোটদান হয় আৰু পুডুচেৰীত ৮৯.৮৩ শতাংশ ভোটদান হয়। আনহাতে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো এখন বিধানসভা আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হয়। নাগালেণ্ডৰ ক’ৰিডাং সমষ্টিৰ বাবে এই উপ-নির্বাচন অনুষ্ঠিত হয়। মুঠ ছগৰাকী প্রার্থীয়ে এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হয় যদিও ভোটগ্রহণ শান্তিপূর্ণভাৱে অনুষ্ঠিত হয়। সমষ্টিটোত মুঠ ৮২.২১ শতাংশ ভোটদান হয়।
