দৰঙত সন্ধিয়া ৫.০০ বজা পৰ্য্যন্ত ৯০.৯১ শতাংশ ভোটাৰৰ ভোটদান সম্পন্ন
কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজিৰ দিনটোত দৰং জিলাৰ অন্তৰ্গত ছিপাঝাৰ, মঙলদৈ আৰু দলগাওঁ বিধানসভা সমষ্টিত শান্তিপূর্ণভাবে ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হয়। চৰকাৰী সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজি ভোটগ্ৰহণৰ দিনটোত সন্ধিয়া ৫.০০ বজা পৰ্যন্ত জিলাখনৰ মুঠ ৯০.৯১ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ৪৯ নং ছিপাঝাৰ বিধান সভা সমষ্টিৰ ৮৬.৯৯শতাংশ, ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ ৮৯.০৯শতাংশ আৰু ৫১ নং দলগাওঁ বিধান সভা সমষ্টিৰ ৯৪.৫৭ শতাংশ ভোটাৰে ভোটদান কৰে। জিলাখনত পুৱা সাত বজাৰ পৰা ৯০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তাৰে ভিতৰত ইতিমধ্যে ৬৪১ টা কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যেই সমাপ্ত হৈছে আৰু বাকী সমূহত এতিয়াও অব্যাহত আছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰাংগণত সন্ধিয়া পাঁচ বজাৰ আগতেই প্ৰৱেশ কৰা প্ৰতিগৰাকী ভোটাৰৰ ভোটদান কাৰ্য্যৰ সমাপ্তিৰ পাছতহে জিলাখনৰ চূড়ান্ত ভোটদানৰ তথ্য নিশ্চিত হ’ব। উল্লেখ্য যে জিলাখনৰ তিনিওটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ৭২২১৮৫ গৰাকী।
