পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ল বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- শাসক-বিৰোধীৰ মাৰাথন প্ৰচাৰ অভিযানৰ পাছত আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত আজি গণতন্ত্ৰৰ উৎসৱ। আজি পুৱা ৭ বজাৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে ভোটগ্রহণ আৰম্ভ হৈছে। এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। অসমৰ ১২৬খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্রহণ। নির্বাচন আয়োগৰ তথ্য অনুসৰি, এইবাৰ ২,৫০,৫৪,৪৬৩গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা মুঠ ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নির্বাচনী যুঁজত নমা প্ৰাৰ্থীসকলৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো, এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল, মন্ত্রী অজন্তা নেওগ, পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, চন্দ্রমোহন পাটোৱাৰী, ৰঞ্জিত দাস, প্রশান্ত ফুকনকে ধৰি কেইবাজনো হেভীৱেট প্রার্থী আছে।
সেইদৰে মুঠ ভোটাৰৰ ১,২৫,৩১,৫৫২জন পুৰুষ হোৱাৰ বিপৰীতে ১,২৫,২২,৫৯৩গৰাকী মহিলা আৰু ৩১৮জন অন্যান্য। এইবাৰৰ নিৰ্বাচনত ১৮-১৯ বছৰৰ ৬,৪২,৩১৪গৰাকী, ৮০ ঊর্ধ্বৰ ২,৫০,০০৬গৰাকী আৰু বিশেষভাৱে সক্ষম ২,০৫,০৮৫গৰাকী ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ৩১,৪৯০টা কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইয়াৰে ৩১,৪৮৬টা মূল ভোটকেন্দ্ৰ আৰু ৪টা সহায়ক ভোটকেন্দ্র। নির্বাচন আয়োগে সকলো ভোটগ্রহণ কেন্দ্রতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে। ইয়াৰ জৰিয়তে কেন্দ্ৰসমূহৰ ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়া, অসমৰ মুখ্য নির্বাচনী বিষয়া আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰিব। নির্বাচন আয়োগে ইতিপূর্বে ঘোষণা কৰা সূচী অনুসৰি আজি ভোটগ্রহণ সম্পন্ন হোৱাৰ পাছত অহা ৪ মে’ত ভোটগণনা হ’ব।
