আহিছে নিৰ্বাচন – ইভা গন্ধীয়া ফুকন 

Pc CSUSM

আহিছে নিৰ্বাচন

 ইভা গন্ধীয়া ফুকন 

ৰজা ভঙা পতাৰ খেল  আহিছে আকৌ
নেতা পালিনেতাৰ লাগিছে উথপথপ
ঘৰে ঘৰে ভোটৰ কাগজ
এবাৰ আহিছে বিজেপিৰ প্ৰাৰ্থী
এবাৰ আহিছে কংগ্ৰেছ
আকৌ আহিছে এজিপি,অজাপি,  নিৰ্দলীয় অনেক
এইবাৰ ভোট মোকেই দিব
খনে খনে ইস্তাহাৰ
গোটেই জনকল্যাণৰ কাম কৰাৰ প্ৰতিশ্ৰুতি
সকলোবোৰ উন্নয়ন কৰিব হেনো
নিৰ্বাচনী প্ৰচাৰ তুংগত
প্ৰচাৰৰ নামত কিমান টকাৰ শৰাধ
হিচাপ ৰাখে কোনে
প্ৰাৰ্থী হৰা জিকাৰ খেল খনত
চৰকাৰী কৰ্মচাৰীসকল
যেন দবা খেলৰ গুটি
নাই আহৰি
বিভাগীয় আদেশ মানি
কৰিব লাগিব ঘৰ সংসাৰ এৰি
ইলেকশ্যন ডিউটি
পদমৰ্যদা অনুসৰি কামৰ ভাগ
অফিচৰ সকলো কাম স্থগিত ৰাখি
ব্যস্ত নিৰ্বাচনৰ কামত
হায় ! ভোটাৰ ৰাইজ কাক হে দিব ভোট
এইবাৰ নতুন নতুন  প্ৰাৰ্থীৰ মুখে মাৰিছে ভূমুকি
শিক্ষিত নৱপ্ৰজন্ম আহিছে আগবাঢ়ি
সেই সকলক ৰাজনীতিৰ পথাৰলৈ জনালোঁ আদৰণি
হেৰ প্ৰজাগণ
ভোল নাযায় যেন নেতাৰ ছলাহী কথাত
নেতা নিৰ্বাচনৰ  আমাৰ আছে গণতান্ত্ৰিক অধিকাৰ
বিবেকৰ আদেশ মানি ভোট প্ৰদান কৰাৰ সময় সমাগত
পাৰ্টি নহয় প্ৰাৰ্থী নিৰ্বাচন কৰি
নিজৰ বহুমূলীয়া ভোট কৰোঁ আহক সদব্যৱহাৰ ।