জুপুৰি – ৰশ্মি ৰেখা দুৱৰা

Pc Shutterstock

অণুগল্প

জুপুৰি

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

চালিখন পুনৰ নিৰ্মাণ কৰিবলৈ খেনো দিনা এটকা-দুটকাকৈ বাঁহৰ চুঙাত সঞ্চয় কৰিছে।ভৰ্তি হ’বলৈ বহুত বাকী।দেউতাকৰ সপোনে কোন দিনা পূৰ্ণতা পাব তাৰ কোনো হিচাপ নাই।দেউতাকৰ কষ্টোপাৰ্জিত ধনে নাটেগৈ।চালিখনৰ খেৰবোৰ উৱলি গৈছে।

ঘোৰ টোপনি।এটা ধুনীয়া সপোনে মন ভৰাই তুলিছে।সপোনটো শেষ নহওঁতেই ঠাণ্ডা লাগি সাৰ পাই গ’ল।খেৰৰ চালেৰে টোপটোপকৈ নিয়ৰ সৰিছে।আঠুৱা ভিজি কাপোৰ তিতিছে।

দেউতাকৰ কষ্টৰ মূল্য সি বাৰুকৈয়ে বুজিছে।বয়স কম।চিন্তাধাৰা উচ্চ।মনতে ভাবিলে ডাঙৰ হৈ নিজৰ উপাৰ্জনৰ টকাৰে প্ৰথম টিনপাতৰ চালি লগাম।পানী নসৰকাকৈ।