মৃত্যুৰ দুৱাৰদলি
পপী বৰা
মেলেং গ্ৰাণ্ট; যোৰহাট
যি দিনা দেখিছিলো
ককা আইতাৰ মাজত থকা নিঃস্বাৰ্থ ভালপোৱা সেই দিনা,
কিবা এটাই চুই গল সেমেকা দুটি ওঁঠত হালধীয়া বৰণৰ হাঁহি এটিয়ে!
হাত খন খামুচি আনখন হাতেৰে আঁকি দিলে আইতাৰ কপালত এটি চুমা,
আইতাই ঠুনুকা মাতেৰে কলে ;
মই আৰু বেছি দেৰি নাথাকো
হেৰা শুনিছানে; …
শেষ নিশ্বাস ত্যাগ কৰি
আইতা গুচি গল উভতি নহা বাটেৰে,
ককায়ে চকুৰ চকুলো বোৱাবলৈ এৰিলে,
মৃত্যুৰ আইতাক সাৱটি ধৰি
কলে..
যি দিনা তুমি আকৌ আহিবা তেতিয়া মোৰ তুমি গৰাকী হৈয়ে আহিবা!!
আজিলৈ তোমাক এৰিছো শ্মশানৰ কোলাত ;
