উৎসৱৰ বাণিজ্যিকীকৰণ: হেৰাই যোৱা স্বকীয়তা আৰু প্ৰাণৱন্ততা
হৃষীতা মেধী
একাদশ শ্ৰেণীৰ ছাত্ৰী
কনচেপ্ত চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাওঁ
মানৱ সভ্যতাৰ ইতিহাসত উৎসৱসমূহ আছিল সামূহিক আনন্দৰ বহিঃপ্ৰকাশ। আদিম মানুহে যেতিয়া প্ৰকৃতিৰ পৰিৱৰ্তনক উদযাপন কৰিবলৈ শিকিছিল, তেতিয়াই উৎসৱৰ বীজ অংকুৰিত হৈছিল। অসমীয়া সমাজখনো ইয়াৰ ব্যতিক্ৰম নাছিল। কৃষিজীৱী অসমীয়াৰ বাবে উৎসৱ মানেই আছিল পথাৰৰ সৈতে কলিজাৰ সম্পৰ্ক, চুবুৰীয়াৰ সৈতে একতাৰ ডল আৰু আধ্যাত্মিকতাৰ এক বিমল অনুভূতি। কিন্তু একবিংশ শতিকাৰ গোলকীকৰণ আৰু মুক্ত বজাৰ অৰ্থনীতিৰ ঢৌৱে আমাৰ এই পবিত্ৰ উৎসৱসমূহক একো একোটা ‘পণ্য’লৈ ৰূপান্তৰিত কৰিলে। আজি উৎসৱ মানেই হ’ল কোলাহল, বজাৰৰ বিজ্ঞাপন আৰু কৃত্ৰিম আড়ম্বৰ। যি প্ৰাণৱন্ততাই এদিন সমাজখনক জীয়াই ৰাখিছিল, সেই প্ৰাণৱন্ততা এতিয়া বাণিজ্যিকীকৰণৰ গ্ৰাসত পৰি মৃতপ্ৰায়।
উৎসৱৰ বাণিজ্যিকীকৰণৰ প্ৰক্ৰিয়াটো অতি সূক্ষ্মভাৱে আৰম্ভ হৈছিল। প্ৰথমে ই কেৱল প্ৰয়োজনীয় সামগ্ৰীৰ কেনেকৈ সহজলভ্য কৰিব পাৰি তাতেই সীমাবদ্ধ আছিল। কিন্তু লাহে লাহে বহুজাতিক কোম্পানীসমূহে বুজি উঠিল যে ভাৰতীয় বা অসমীয়া সমাজত উৎসৱৰ লগত এক গভীৰ আৱেগ জৰিত হৈ আছে। এই আৱেগকে তেওঁলোকে মূলধন কৰি ল’লে। আজি বিহু হওক বা দুৰ্গা পূজা— প্ৰতিটো উৎসৱৰ মাহটোত বজাৰত যি ‘উন্মাদনা’ সৃষ্টি কৰা হয়, সেয়া আচলতে উৎসৱৰ আনন্দ নহয়, সেয়া হ’ল ‘বস্তুবাদী সুখ’ৰ প্ৰলোভন। দামী কাপোৰ, নতুন গাড়ী, ইলেকট্ৰনিক গেজেটৰ অফাৰবোৰে মানুহক ইমানেই আচ্ছন্ন কৰি ৰাখে যে উৎসৱৰ মূল দৰ্শনটো মানুহে পাহৰি যায়। বজাৰৰ এই চকমকীয়া পোহৰত আমাৰ ঘৰুৱা নিভাঁজ আনন্দবোৰ ম্লান হৈ পৰিছে।
অসমীয়াৰ প্ৰাণৰ বিহু এতিয়া সৰ্বাধিক বাণিজ্যিকীকৰণৰ চিকাৰ। এদিন কুলিৰ মাতত ডেকাই ঢোলত চাপ দিছিল আৰু গাভৰুৱে জেতুকাৰে হাত বোৱাইছিল। এতিয়া বিহু মানেই হ’ল ‘বিহু সন্মিলন’। এই সন্মিলনসমূহ চলোৱাৰ বাবে প্ৰয়োজন হয় লাখ লাখ টকাৰ। এই টকা আহে বিভিন্ন কোম্পানীৰ পৰা। ফলস্বৰূপে, বিহুৰ মঞ্চত এতিয়া বিহুৰ গীততকৈ বেছি শুনা যায় কোম্পানীৰ বিজ্ঞাপন। এজন বিহুৱা বা শিল্পীৰ গুণগত মানতকৈ তেওঁ কিমান ‘ক্ৰাউড পুল্লাৰ’ , তাকহে বেছি গুৰুত্ব দিয়া হয়। বিহুৰ মঞ্চত এতিয়া পৰম্পৰাগত বিহুৰ ঠাই লৈছে ‘বলিউড ষ্টাইল’ৰ পৰিবেশনাই। পথাৰৰ সেই মুক্ত বিহুৰ যি স্বকীয়তা আছিল, যি একতাৰ সুৰ আছিল, সেইয়া এতিয়া টিকটৰ মূল্য বা ভিআইপি পাছৰ মাজত হেৰাই গৈছে।
বৰ্তমান সময়ত উৎসৱ পালন কৰাতকৈ বেছি গুৰুত্ব দিয়া হয় উৎসৱক ‘প্ৰদৰ্শন’ কৰাত। ফেচবুক, ইনষ্টাগ্ৰামৰ এই যুগত কাৰোবাৰ ঘৰলৈ গৈ ‘বিহুৱান’ দিয়াৰ আনন্দতকৈ সেই বিহুৱানখন পিন্ধি ফটো দিয়াৰ আগ্ৰহ বেছি। আৱেগবোৰ এতিয়া ‘ডিজিটেল’ হৈ পৰিছে। উৎসৱৰ সেই নিবিড় সান্নিধ্যৰ ঠাইত এতিয়া ‘লাইক’ আৰু ‘ভিউচ’ৰ দৌৰ চলিছে। আমি পাহৰি গৈছোঁ যে উৎসৱ মানে আছিল একেলগে বহি পিঠা খোৱা, ইজনে সিজনৰ দুখ-সুখৰ খবৰ লোৱা। এতিয়া উৎসৱৰ দিনাও মানুহে নিজৰ ফোনটোৰ পৰ্দাতে বেছি ব্যস্ত থাকে। এই যান্ত্ৰিকতাই আমাৰ সমাজখনক ভিতৰৰ পৰা ফোঁপোলা কৰি পেলাইছে।
বাণিজ্যিকীকৰণৰ আন এটা ভয়াৱহ দিশ হ’ল সাংস্কৃতিক বিকৃতি। বজাৰৰ চাহিদাই আমাৰ লোক-সংস্কৃতিক এক বিকৃত ৰূপ দিছে। ঢোলৰ মাতত এতিয়া ‘ষ্টেৰিঅ’ ইফেক্ট’ বিচাৰিব লগা হয়। বিহু নাচৰ মাজত পপ বা হিপ-হপৰ ভংগীমা সোমাই দিয়া হৈছে যাতে সেয়া অধিক ‘গ্লেমাৰাছ’ হয়। ইয়াৰ ফলত নতুন প্ৰজন্মই আচল বা নিভাঁজ পৰম্পৰাটো নিচিনাকৈ ডাঙৰ হৈছে। গোলকীয় সংস্কৃতিৰ সৈতে খাপ খুৱাবলৈ গৈ আমি আমাৰ শিপাটোকে কাটি পেলাইছোঁ। যি বিহুৱে আমাক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় দিছিল, সেই বিহু এতিয়া এটা সাধাৰণ ‘আইটেম চং’ৰ দৰে হৈ পৰিছে।
উৎসৱৰ নামত এতিয়া এক বৃহৎ শোষণ চলিবলৈ লৈছে। বিহুৰ গামোচাৰ পৰা আৰম্ভ কৰি পূজাৰ সামগ্ৰীলৈকে সকলোতে এতিয়া মধ্যভোগী আৰু বহিঃৰাজ্যৰ ব্যৱসায়ীৰ আধিপত্য। অসমৰ শিপিনীয়ে বোৱা গামোচাখনৰ ঠাই এতিয়া লৈছে গুজৰাট বা দক্ষিণ ভাৰতৰ পৰা অহা সস্তীয়া যন্ত্ৰ-নিৰ্মিত কাপোৰে। ইয়াৰ ফলত আমাৰ থলুৱা অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে। আমি উৎসৱ পালনৰ নামত অন্য কোনো কোম্পানীকহে ধনী কৰিছোঁ। আমাৰ শিপিনী বা থলুৱা শিল্পীসকল আজিও দাৰিদ্ৰ্যৰ মাজতে আছে, কিন্তু উৎসৱৰ বজাৰত হাজাৰ হাজাৰ কোটি টকাৰ লেনদেন হৈছে। এয়া এক অদ্ভুত বৈষম্য।
উৎসৱৰ বাণিজ্যিকীকৰণে পৰিৱেশৰো চৰম ক্ষতি কৰিছে। বিহু বা পূজাৰ নামত হোৱা অতিমাত্ৰা আলোকসজ্জা, ফটকাৰ শব্দ আৰু ডিজে মিউজিকৰ হুলস্থূল— এই সকলোবোৰে শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰিছে। প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ চহৰ-গাঁওবোৰ আৱৰ্জনাৰ ঢিপত পৰিণত কৰিছে। যি উৎসৱে প্ৰকৃতিৰ পূজা কৰিবলৈ শিকাইছিল, সেই উৎসৱেই এতিয়া প্ৰকৃতি ধ্বংসৰ কাৰণ হৈ পৰিছে। সমাজৰ শান্তি-শৃংখলাও বিঘ্নিত হৈছে। নিশা দেৰিলৈকে চলা কোলাহলে বৃদ্ধ আৰু ৰোগীসকলৰ বাবে চৰম যন্ত্ৰণা কঢ়িয়াই আনিছে। আধ্যাত্মিকতাৰ ঠাই এতিয়া উন্মাদনাই লৈছে।
যদি এনেদৰেই চলি থাকে, তেন্তে ভৱিষ্যতে আমাৰ হাতত কেৱল উৎসৱৰ কংকালটোহে ৰৈ যাব, তাৰ আত্মাটি নোহোৱা হ’ব। আমাৰ সন্তানসকলে হয়তো জানিব যে বিহু মানে দামী শিল্পীৰ গানৰ অনুষ্ঠান, কিন্তু তেওঁলোকে নাজানিব বিহুৰ পথাৰৰ সেই গোন্ধটো কি আছিল। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমি সচেতন হ’ব লাগিব। আমি উৎসৱক আকৌ ঘৰলৈ আৰু পথাৰলৈ নমাই আনিব লাগিব। বিজ্ঞাপন আৰু স্পনচৰৰ আগত আমাৰ সংস্কৃতিক নীলাম হ’বলৈ দিব নালাগিব। থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি আৰু সৰলতাৰে উৎসৱ পালন কৰি আমি এই বাণিজ্যিকীকৰণক প্ৰত্যাহ্বান জনাব পাৰোঁ।
উৎসৱ কেৱল বাহ্যিক আনন্দৰ বস্তু নহয়, ই হ’ল জাতি এটাৰ পৰিচয়। বাণিজ্যিকীকৰণৰ এই যান্ত্ৰিক যুগত আমি আমাৰ ‘স্বকীয়তা’ আৰু ‘প্ৰাণৱন্ততা’ ঘূৰাই আনিবই লাগিব। বিহুৰ ঢোলত যাতে আকৌ প্ৰাণৰ স্পন্দন শুনা যায় আৰু পূজাৰ মণ্ডপত যাতে শান্তিৰ আশীষ বিৰিঙি উঠে, তাৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তি দায়বদ্ধ হ’ব লাগিব। বজাৰৰ ‘গ্ৰাহক’ হোৱাতকৈ আমি সংস্কৃতিৰ ‘উত্তৰাধিকাৰী’ হোৱাটো বেছি জৰুৰী। যিদিনা আমি পইচাৰ জোখেৰে নহয়, আৱেগৰ জোখেৰে উৎসৱ পালন কৰিব শিকিম, সেইদিনাহে আমাৰ জাতিটো প্ৰকৃততে শক্তিশালী হ’ব।
