যোৰহাট চহৰত এভুমুকি
এছ ইছলাম,শিক্ষক
পঃমইনবৰী,বৰপেটা
যোৰহাট চহৰত এভুমুকি
আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী
চকীহাট আৰু মাছৰ হাট
তুংখুঙীয়া ফৈদৰ আহোম ৰজাই
পাতিলে দুখন যোৰা হাট
ভোগদৈ নৈৰ দুয়ো পাৰত।
দুখন হাটৰ পৰিবৰ্তিত ৰূপ
ঐতিহাসিক চহৰ যোৰহাট
আহোম স্বৰ্গদেউৰ শেষ ৰাজধানী
অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ।
ইয়াতেই আছে স্বৰ্গদেউৰ সমাধি
ৰজা মৈদাম আৰু ৰাজমাও পুখুৰী,
লাচিত বৰফুকন মৈদাম
আৰু বঙাল পুখুৰী
চালেচকুৰোৱা পৰ্যটক ভূমি
দেখিলে ভোল যাওঁ আমি।
ৰৰৈয়া বিমান বন্দৰ
মৰিয়নি ৰেলৱে জংচন
আছে যোৰহাটত ৰেলৱে টাউন ষ্টেচন
টোকোলাই চাহ গৱেষণা কেন্দ্র
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ
আছে এক মহাপ্ৰতিষ্ঠান।
