বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি

Pc Lokshahi English News

বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। ইৰান, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। চৰকাৰী তেল কোম্পানীসমূহে বুধবাৰৰ পৰা ১৯ কিলোগ্রাম ওজনৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে।কেৱল বাণিজ্যিক গেছ চিলিণ্ডাৰৰহে মূল্য বৃদ্ধি পাইছে। মূল্য বৃদ্ধিৰ পাছত নতুন মূল্য অনুসৰি এতিয়া এটা চিলিণ্ডাৰৰ দাম ২,০৭৮.৫০ টকা হৈছে। আনহাতে, কলকাতাত এই বৃদ্ধি আৰু অধিক, ২১৮ টকাকৈ বৃদ্ধি পাইছে । যোৱা ১ মাৰ্চত অন্তিমবাৰৰ বাবে প্ৰতি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰত এলপিজিৰ হাৰ ১১৪.৫ টকা বৃদ্ধি কৰা হৈছিল । আনহাতে, যোৱা ৭ মাৰ্চত অন্তিমবাৰৰ বাবে প্ৰতি ১৪.২ কেজিৰ চিলিণ্ডাৰত ৬০ টকা বৃদ্ধি পোৱা ঘৰুৱা ৰন্ধন গেছৰ হাৰ বৰ্তমান অপৰিৱৰ্তিত হৈ আছে । দিল্লীত প্ৰতি ১৪.২ কেজিৰ চিলিণ্ডাৰৰ মূল্য হৈছে ৯১৩ টকা । মধ্যপ্রাচ্যৰ পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দিনত মূল্যবৃদ্ধিৰ চাপ আৰু বাঢ়িব পাৰে বুলি আশংকা প্রকাশ কৰা হৈছে।