নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত প্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বিশেষ বিমানেৰে অসমত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিব্ৰুগড় বিমানবন্দৰত নিশাৰ ভাগত উপস্থিত হোৱা প্রধানমন্ত্রীয়ে নিশাটো মনোহৰী ৰিজ’ৰ্টত কটাই আজি অংশ ল’ব দুখনকৈ নির্বাচনী সভাত। আজি প্রধানমন্ত্রীয়ে পুৱা গোগামুখলৈ হেলিকপ্টাৰযোগে ৰাওনা হ’ব আৰু গোগামুখত ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থী ক্রমে ৰণোজ পেণ্ড, নৱ কুমাৰ দলে আৰু ভুবন পেণ্ডৰ হৈ প্ৰচাৰ চলাব। গোগামুখৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পাছতে বিয়লি ২ বজাত প্রধানমন্ত্রী উপস্থিত হ’ব বিহালীত। বিশ্বনাথ জিলাৰ আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব লগা প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ দিল্লীলৈ উভতি যাব। আনহাতে অহা ৬ এপ্ৰিলত পুনৰ নির্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। প্ৰধানমন্ত্ৰীৰ আগমন সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ৬ এপ্রিলত প্রধানমন্ত্রীয়ে মৰাণ, হোজাই আৰু বৰপেটাৰোডত তিনিখন জনসভাত অংশ ল’ব।
