প্ৰথম অসমীয়া কথাছবি “জয়মতী” নিৰ্মাণ স্থলী আৰু ভোলাগুৰি চাহবাগিছা – পংকজ দাস

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

প্ৰথম অসমীয়া কথাছবি “জয়মতী” নিৰ্মাণ স্থলী আৰু ভোলাগুৰি চাহবাগিছা

পংকজ দাস
গহপুৰ, ব্ৰহ্মাজান

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ বালিজান অঞ্চলৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে ব্ৰহ্মাজান, বালিজান নদীৰ মাজৰ অঞ্চলত ভোলাগুৰি চাহবাগিছা অৱস্থিত । এই বাগিছাৰ নিচেই কাষতে ঐতিহাসিক “ভোলাথান” নামে এভাগ শিৱবাবা থান আছে। এই থানৰ নাম অনুসৰিয়েই বাগিচাখনৰ নামো “ভোলাগুৰি চাহবাগিছা” হ’ল। এই ঐতিহ্যমণ্ডিত গহপুৰৰ “ভোলাগুৰি”  চাহবাগিছাতেই এটি যুগৰ সূচনা কৰি নিৰ্মাণ হ’ল প্ৰথম অসমীয়া কথাছবি “জয়মতী”।

ভাৰতৰ অন্যান্য ৰাজ্যত মাথোন কেইখনমান সবাক চিত্ৰ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে গভীৰ চিন্তা আৰু সাহসেৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে প্রথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান ৰূপে ছয়দুৱাৰৰ ভোলাগুৰি চাহ বাগিছাক বাচি ল’লে। ঐতিহ্যমণ্ডিত ‘ভোলাগুৰি’ চাহবাগিছাতেই এটি যুগৰ সূচনা কৰি নিৰ্মিত হ’ল প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’। সেই কালজয়ী প্রচেষ্টাই সফলতা লাভ কৰিলে আমাৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰৰ ‘ভোলাগুৰি চাহবাগিছা’ত ১৯৩৫ চনত। এয়া দেশখনৰ কথাছবি জগতৰ এক সোণালী অধ্যায়।   জ্যোতিপ্রসাদ আগৰৱালাই অসমৰ আপুৰুগীয়া জাতীয় ঐতিহ্য-সাংস্কৃতিক সম্পদৰাজিক বিশ্ববাসীৰ আগত অভূতপূর্ব মহিমামণ্ডিত ৰূপত দাঙি ধৰিলে প্রথম অসমীয়া কথাছবি ‘জয়মতী’ৰ জৰিয়তে।

জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পূৰ্বপুৰুষ নওৰংগ আগৰৱালা উনৈশ শতিকাৰ পহিলা দশকতে ৰাজস্থানৰ পৰা ব্যৱসায়িক ভিত্তিতে অসমলৈ আহি নিগাজীকৈ বসবাস কৰি অসমীয়া সমাজত একাত্ম হ’ল। আঢ্যৱন্ত পৰিয়ালৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি ঐতিহ্যপ্রীতিৰ এনাজৰীডাল অধিক নিকপকপীয়া কৰি জাতীয় জীৱনৰ প্ৰগতিৰ গতিত ইন্ধন যোগালে। জ্যেষ্ঠ পুত্ৰ হৰিবিলাস আগৰৱালাই ‘কীর্তন’, ‘দশম’, ‘নামঘোষা’ আদি ধর্মীয় সাহিত্য-সম্ভাৰ ছপা আকাৰে প্ৰকাশ কৰি সাহিত্য-সংস্কৃতিৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰি পৰিবেশ সৃষ্টি কৰি থৈ গৈছে। তেখেতৰ তৃতীয় পুত্ৰ পৰমানন্দ আগৰৱালা আৰু কিৰণময়ী, আগৰৱালাৰ পৰম পুত্র জ্যোতিপ্রসাদ আগৰৱালাৰ বৰ্ণাঢ্য জীৱনৰ প্ৰতিটো অমূল্য মুহতৰ সুৱৰ্ণখচিত ইতিহাসৰ অন্যতমৰূপে ‘জয়মতী’ কথাছবিয়ে যুগজয়ী ৰূপে ছয়দুৱাৰৰ ‘ভোলাগুৰি’ চাহবাগিছাক গৌৰৱান্বিত কৰিলে। আজন্ম সাংস্কৃতিক বৈশিষ্ট্য, ব্যক্তিত্বৰ সামগ্রিক দীপ্তিৰ ব্যাপ্তিৰে শিল্পসাধনা, বিকাশৰ পথেৰে বিশ্ববিজয়ৰ চিন্তা আৰু ব্যক্তিসত্তাক বৃহত্তৰ সামাজিক সত্তালৈ ৰূপান্তৰ কৰাৰ সপোন দেখিছিল ৰূপকোঁৱৰ জ্যোতিপ্রসাদে আগৰৱালাই।

১৯৩৪ চনত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই বুৰঞ্জীৰ কালজয়ী কাহিনীৰে ভৰা লক্ষ্মীনাথ বেজবৰুৱা “জয়মতী”ৰ আলমত প্ৰথম অসমীয়া কথাছবি নিৰ্মাণৰ বাবে‌ ভোলাগুৰি চাহবাগিছা কলঘৰতেই অস্থায়ী ষ্টুডিঅ’ ‘চিত্রবন’ প্রতিষ্ঠা কৰি ‘চিত্রলেখা মুভিটোন’ নামেৰে ফিল্ম প্রতিষ্ঠান নিৰ্ম্মাণ কৰিলে। সেই সময়তেই এখন চিনেমা নিৰ্ম্মাণৰ বাবে টকাৰ প্ৰয়োজন হোৱা ওপৰিও বিভিন্ন দিশত কায়িক ভাৱে সহায় প্ৰয়োজন হোৱাত তেওঁ নিজৰ বংশৰ পৰিয়ালৰ বাহিৰেও এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰিবলৈ আগবাঢ়ি আহিল সেই সময়ৰ গ্রামোফোন ৰেকৰ্ড কৰোতা যশস্বী গায়ক প্রফুল্ল চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সহোদৰ ভায়েক পৰশুৰাম বৰুৱা (ফুনু বৰুৱা), কেশৱ চন্দ্ৰ বৰুৱা, শশীপ্রসাদ বৰুৱা, ঘনকান্ত সিংহ, কেচেকৰাম, সুৰেন্দ্ৰ নাথ শইকীয়া, বিষ্ণুপ্ৰসাদ ৰাভা, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ, নটসূৰ্য ফণী শৰ্মাৰ দৰে উৎসাহী শিল্পী সাধক সকল।কিন্তু প্রধান অন্তৰায় ৰূপে দেখা দিলে অভিনেত্ৰীৰ অভাৱ, ‘আমাৰ দেশত ছোৱালী উলিয়াই অনা চিনেমাৰ বাবে বৰ ডাঙৰ কথা’। এইয়া আছিল জ্যোতি প্রসাদৰ অভিজ্ঞতাৰ পৰিপুষ্ট নিজা উক্তি। সঁচা কথা, যি সময়ত জ্যোতি প্রসাদে ছবি এখন তৈয়াৰ কৰিবলৈ সাজু হৈছিল সেই সময়ত আমাৰ ৰাজ্যত ছবি এখন নিম্মাণ কৰাৰ কোনো পৰিবেশ নাছিল। বাটপথ, মূলধনৰ পৰা আৰম্ভ কৰি অভিজ্ঞ চলচিত্ৰৰ জ্ঞান থকা ব্যক্তি আনহে নালাগে চিত্রগৃহ, এটাই নাছিল। নাচিল চিনেমাৰ দৰ্শক, এনে এটা অৱস্থাতে ৰূপকোঁৱৰে আৰম্ভ কৰিছিল ‘জয়মতী’ৰ দৰে এখন কল্পনাতীত কথাছবি। অভিনেতা, অভিনেত্রী বিচাৰি প্রতিমাৰ খনিকৰ চন্দ্ৰকুমাৰৰ ‘তিনিদিনীয়া অসমীয়া’ আৰু নীলমনি ফুকনৰ ‘বাতৰি’ কাকতত বিজ্ঞাপন দিলে। কিন্তু অভিনেত্রী হ’বলৈ কোনো অসমীয়া মহিলা ওলাই আহিবলৈ সাহস নহ’ল। তেওঁ সেইবাৰ বিফল হ’ব লগা হ’ল যদিও তেওঁৰ এজন পুৰণি বন্ধু গোলাঘাটৰ ডিম্ব গোহাঁইৰ সহায়ত অভিনয় কৰিবৰ বাবে আইদেউ সন্দিকৈকে মুখ্য কৰি ৬/৭ গৰাকী মান ছোৱালীৰ সন্ধান পালে। অতি কষ্টৰে চলে বলে কৌশলে সেই সকল মহিলাক আনিব লগা হৈছিল। পানীৰ ওপৰত ওপঙা ঘৰ (পানী জাহাজ) দেখুৱাম বুলি কৈ ওচৰ সম্পৰ্কীয় ককায়েক ডিম্ব গোঁহায়ে আইদেউ সন্দিকৈক জাহাজত উঠাই ব্রহ্মপুত্রদি গমিৰি হৈ ভোলাগুৰি পোৱাইছিলহি। অনেক বুজনি দি সুন্দৰকৈ অভিনয়ৰ প্রশিক্ষণ দি জ্যোতিয়ে চিত্র অভিনেত্রী তৈয়াৰ কৰিবলগা হৈছিল। এইগৰাকী মহীয়সী নাৰীৰে প্ৰথম অসমীয়া কথাছবি “জয়মতী”ত অভিনয় কৰি ওৰে জীৱন সমাজৰ গ্লানি মূৰত লৈ জীয়াতু ভুগিব লগা হ’ল।  তেওঁ একমাত্ৰ দোষ আছিল জয়মতীৰূপী আইদেউ সন্দিকৈয়ে গদাপাণি ৰূপী ফুনু বৰুৱাক কথাছবিখনত “বঙহৰ দেউ” বুলি সম্বোধন কৰিব লগা হোৱাত।

কথাছবিখন প্রথম পৰীক্ষামূলক ছবি হিচাপে  বিভিন্ন বয়বস্তু, আহিলা-পাতি আদি কষ্টেৰে যোগাৰ কৰিব লগীয়া হোৱালৈ চাই অনেকদূৰ সাৰ্থক হোৱা বুলিয়েই শুনা যায়। প্রথমে বাগিছাৰ কাষতে স্থানীয় গাওঁসমূহৰ পৰা বাহঁ ,বেত, খেৰ , ভীমকল গছৰ আদি সংগ্ৰহ কৰি খুটা পুতি ৰাজ চ’ৰা আদি আবেষ্টনী তৈয়াৰ কৰিছিল। বিভিন্ন কিছু সমস্যাও আহি পৰিছিল। তাৰ ভিতৰত অৰ্থ সংকটে দেখা দিয়া, চৰিত্ৰ সংগ্ৰহ কৰা, সাজ সজ্জা তৈয়াৰ কৰা আদি প্রধান। গীত নৃত্য আদিৰ দল সংগ্ৰহ কৰাৰ বিষয়তো সমস্যাৰ সৃষ্টি হৈছিল বুলি পোৱা যায়। এই ক্ষেত্ৰত বিষ্ণু ৰাভাদেৱৰ বৰঙণী লেখত ল’বলগীয়া।

এই ভোলাগুৰিত চাহবাগিছাত ‘চিত্রলেখা মুভিটোন’ অথবা চিত্রবন ষ্টুডিঅ’ স্থাপন কৰি অসমৰ বিভিন্ন ঠাইৰ বচা বচা শিল্পীসকলক আনি ‘জয়মতী’ত অভিনয়ৰ কৰিবলৈ সুযোগ দিছিল। তাৰোপৰি স্থানীয় গাওঁসমূহ যেনে বালিজান, ব্ৰক্ষ্মাজান,কলংপুৰ ,গমিৰি, ভোলাগুৰি, বৰঙাবাৰী, ঘাঁহিগাঁও, গহপুৰৰ আদি পৰা বচা বচা শিল্পী কলাকুশলী নিৰ্বাচন কৰি অভিনয় কৰিছিল সেই সকলৰ ভিতৰত যোগেন্দ্ৰনাথ বৰা , লোকনাথ কটকী, চণ্ডীৰাম কোঁচ , উপা কটকী , ডানিয়েল,  বীৰোচন সন্দিকৈ, দুতিৰাম হাজৰিকা, ঘনকান্ত সিংহ, অম্বিকা বৰুৱা আদি ভালেকেইগৰাকী প্রতিভাসম্পন্ন শিল্পীয়ে অভিনয় কৰে। অসমৰ প্ৰথম ৰূপালী পর্দাত সগৌৰৱে ভুমুকি মৰা ছয়দুৱাৰৰ এইসকল শিল্পীৰ ভোলাগুৰিৰ মধুৰ স্মৃতি চিৰসজীৱ হৈ আছে।এনে এখন স্মৃতি বিজয়ীত ঠাইত প্ৰথম অসমীয়া কথাছবি নিৰ্মাণ স্থলীত আজিলৈকৈ ছবিগৃহ এটি নথকাতো শ্বহীদ নগৰী হিচাপে বহু দুৰ্ভাগ্য কথা। আজি পৰা চাৰি পাঁচ বছৰৰ আগতে আমাৰ প্ৰাণৰ শিল্পী হিয়া আমঠু জুবিন গাৰ্গে দেৱে গহপুৰৰ কেন্দ্ৰীয় সাংস্কৃতিক সন্ধিয়ালৈ আহোতে কৈছিল গহপুৰত ছবিগৃহ এটি নিৰ্মাণ কৰা কথা। কিন্তু সেইটোও হৈ নুঠিল।

বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ভোলাগুৰি জ্যোতি শিশু উদ্যানখনত সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদৰ এটি আৱক্ষ মূর্তি , শ্বহীদ কনকলতা বৰুৱা সোঁৱৰণীত এটি সুন্দৰ ভৱন, বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা অসম সাহিত্য সভাৰ অন্যতম শাখা “চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভা”ৰ কাৰ্যালয়, বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা “কনকলতা বিশ্ববিদ্যালয়” আৰু  বাগিচাখনৰ কলঘৰৰ কাষত আন এটি তেখেতৰ মূৰ্তি আছে । কিন্তু কাষতে থকা যিটো কলঘৰত অস্থায়ী ষ্টুডিঅ’ ‘চিত্রবন’ প্রতিষ্ঠা কৰি ‘চিত্রলেখা মুভিটোন’ নামেৰে ফিল্ম প্রতিষ্ঠান নিৰ্ম্মাণ কৰি প্ৰথম অসমীয়া কথাছবি “জয়মতী” নিৰ্মাণ কৰিছিল সেইটো চৰকাৰে সংৰক্ষণ ব্যৱস্থা কৰি তাত জ্যোতিপ্ৰসাদ দেৱৰ সৃষ্টিৰাজি সমূহ থকাকৈ এটি সংগ্ৰাহলয় ব্যৱস্থা কৰিলে নৱ প্ৰজন্মৰ উপকৃত হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মই গৱেষণা কৰিব পৰা থল আছে এই ভোলাগুৰি চাহবাগিছাত।