উত্তৰ আধুনিকতাবাদী উপন্যাস হিচাপে দেৱব্রত দাসৰ ‘ধূসৰতাৰ কাব্য’ – দৰ্শনা দত্ত 

Pc Assamese books online shopping home delivery anywhere in India

উত্তৰ আধুনিকতাবাদী উপন্যাস হিচাপে দেৱব্রত দাসৰ ‘ধূসৰতাৰ কাব্য’

দৰ্শনা দত্ত 
দেৰগাঁও, গোলাঘাট 

সাম্প্ৰতিক যুগৰ শীৰ্ষস্থানীয় ঔপন্যাসিক সকলৰ ভিতৰত অন্যতম এজন হ’ল দেৱব্ৰত দাস। দাসৰ উপন্যাসসমূহৰ বিষয়বস্তু আৰু আংগিক দুয়োটাই অগতানুগতিক । শিক্ষিত চহৰীয়া লোক বিশেষকৈ আগবয়সৰ লোকসকলৰ জীৱনশৈলী তেওঁ উপন্যাসত অগতানুগতিক কৌশলেৰে পুনৰ্নিৰ্মাণ কৰে।তাৰোপৰি সমসাময়িক ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক আদি সমস্যাৱলীও দেৱব্ৰত দাসৰ উপন্যাসত প্ৰতিফলিত হয়।’গধূলিৰ পৰা গধূলিলৈ’ (১৯৮৩), ‘মধ্যান্তৰ'(১৯৯৩), ‘পুতলা নাচৰ সাধু'(১৯৯৫), ‘ধূসৰতাৰ কাব্য'(২০০৫), ‘কড়ি খেলাৰ সাধু'(২০২২) আদি তেওঁৰ দ্বাৰা ৰচিত উপন্যাস ৷ ‘মৃগয়া, নিঠুৰ মৃগয়া'(১৯৯৩),’গান, গোলাপ আৰু কাঁইটৰ কথা'(১৯৯৩)’বৰষাৰ প্ৰথম সুবাস'(১৯৯৬) আদি তেওঁৰ উপন্যাসিকা- সংকলন।দেৱব্ৰত দাসৰ উপন্যাসত উত্তৰ আধুনিকতাবাদী লক্ষণ প্ৰকাশ হোৱা দেখা যায়। ইয়াৰ ভাল উদাহৰণ হিচাপে ‘ ‘বাৰিষাৰ প্ৰথম সুবাস'(১৯৯৬) উপন্যাসিকা খনৰ কথা ক’ব পাৰি। কিন্তু দাসৰ ২০০৫ চনত প্ৰকাশ পোৱা ‘ধূসৰতাৰ কাব্য’ উপন্যাসখন অসমীয়া উপন্যাস সাহিত্যত উত্তৰ আধুনিকতাবাদ প্ৰকাশ পোৱা এটা উৎকৃষ্ট উদাহৰণ বুলি ক’ব পাৰি। উপন্যাসখন উত্তৰ আধুনিকতাবাদী উপন্যাস হিচাপে এনেদৰে আলোচনা কৰিব পাৰি –

উত্তৰ আধুনিকতাবাদী উপন্যাসসমূহৰ প্ৰথম আৰু প্ৰধান বৈশিষ্ট্যটো হৈছে অনিশ্চয়তা । ‘ধূসৰতাৰ কাব্য’ উপন্যাসত শেখৰ নামৰ ব্যক্তিজন দুটা সন্তানৰ পিতৃ । পত্নী মন্দিৰা আৰু মাক দেউতাকৰ সৈতে তেওঁৰ এটি পৰিয়াল। মন্দিৰা আৰু শেখৰৰ সন্তান মন্টু আৰু চিধু সৈনিক স্কুলত থাকে। মাক-দেউতাক তীৰ্থ ভ্ৰমণলৈ গ’ল। ঘৰত এতিয়া শেখৰ আৰু মন্দিৰা।এদিন শেখৰ ঘৰত উপস্থিত নথকাৰ সময়ছোৱাত হঠাতে মন্দিৰা ঘৰৰ পৰা গুচি গ’ল। তেওঁ শেখৰৰ বাবে লিখি থৈ যায় এটি অস্পষ্ট টোকা -” মই মোক বিচাৰি যাবলৈ ঠিক কৰিছোঁ। আনে মোক নিবিচৰাই ভাল।” (পৃষ্ঠা -৯,ধূসৰতাৰ কাব্য-দেৱব্ৰত দাস,দ্বিতীয় প্ৰকাশ-আগষ্ট,২০১৭)।পত্নীৰ এনে কাণ্ডত শেখৰ হতবাক হৈ পৰিল। কোনো স্পষ্ট কাৰণ নোহোৱাকৈ মন্দিৰাই কিয় এনে কৰিলে সেই কথা শেখৰে থিৰাং কৰিব নোৱাৰিলে। পাঠকৰ মনতো মন্দিৰাই ঘৰ এৰি যোৱাৰ কাৰণ অস্পষ্ট হৈ ৰয়। ইয়াৰ পাছত শেখৰে শ্বিলং, গোৱালপাৰা, কামৰূপ, ভূটান পাহাৰৰ নামনি আদিত অনুসন্ধান আৰম্ভ কৰিলে নিৰুদিষ্ট পত্নীৰ সন্ধান বিচাৰি। লগতে শেখৰৰ বন্ধু-বান্ধৱ আৰু পুলিচেও মন্দিৰাৰ অনুসন্ধান কৰিলে। সুদীৰ্ঘ দিনৰ পাছত মন্দিৰা নিজেই ঘৰলৈ উভতি আহে। কিন্তু কিয় “মোক বিচাৰি যাবলৈ ঠিক কৰিছোঁ”বুলি ঘৰৰ পৰা ওলাই যোৱা মন্দিৰা আকৌ ঘৰলৈ উভতি আহে সেইটোও উপন্যাসখনত অনিশ্চয়তাৰ ৰূপতে ৰয়।

উত্তৰ আধুনিকতাবাদী উপন্যাস আত্মসচেতন, আত্মবিৰোধী আৰু ই নিজকে হেয় কৰি দেখুৱাই। ‘ধূসৰতাৰ কাব্য’ উপন্যাসত এনে বৈশিষ্ট্য দেখা যায় শেখৰৰ চৰিত্ৰটোত ৷ পত্নী মন্দিৰাই হঠাতে ঘৰ এৰি যোৱাৰ কাৰণ বিচাৰি শেখৰে নিজলৈকে আঙুলি টোৱাইছে ৷ বিচাৰৰ কাঠগড়াত নিজকে থিয় কৰি শেখৰৰ অশান্ত মনত বিভিন্ন সাম্ভাৱ্য কাৰণ ধৰা পৰিছে ৷শেখৰে মন্দিৰাই গম নোপোৱাকৈ অন্য নাৰীৰ সৈতে কৰা সম্পৰ্কৰ কথা মন্দিৰাই গম পাইছিল নেকি? অথবা শেখৰৰ মাক আৰু মন্দিৰাৰ মাজত হোৱা সৰু-সুৰা কাজিয়াবোৰক লৈ মন্দিৰা অতিষ্ঠ হৈ পৰিছিল নেকি? নে তাই অন্য পুৰুষৰ প্ৰতি আকৰ্ষিত হ’ল?এনেবোৰ সম্ভাৱ্য কাৰণে বিভিন্ন সময়ত শেখৰৰ মনত খলকনি তুলিছিল। ইয়াৰে যিকোনো এটা কাৰণ হ’ব পাৰে বুলি শেখৰে ভাবিছে যদিওঁ নিশ্চিত নহয়।

শেখৰৰ অনুপস্থিতিত মন্দিৰা ঘৰ এৰি অন্তৰ্ধান হোৱাৰ পাছত শেখৰ যিমানখিনি উদ্বিগ্নতাত থাকিব লাগিছিল সেইয়া কিন্তু তেওঁৰ কাৰ্যাৱলীৰ মাজত দেখা নাযায়।পত্নী নোহোৱাৰ খবৰ তেওঁ প্ৰথম অৱস্থাত নিজৰ বন্ধুবোৰৰ পৰাও গোপনে ৰাখিছে। মন্দিৰা নোহোৱাৰ সময়ছোৱাতো শেখৰে তেওঁৰ বন্ধু সুমন্ত,চেম, ৰবীন আদিৰ লগত অশোকা বাৰত পাৰ্টী কৰিছে। ৰবীনে পাৰ্টী কৰিবলৈ লগ ধৰিলত পত্নীৰ চিন্তা মনৰ পৰা আঁতৰাই ৰখা এইটো এটা সুবিধা বুলিও শেখৰে মনতে ভাবিছে – “মন্দিৰাজনিত তন্ময়তাৰ পৰা আঁতৰি আহিবলৈ এইটো এটা ভাল সুবিধা পোৱা গৈছে।”(পৃষ্ঠা -১২)।জেৰিনা যিগৰাকীৰ সৈতে শেখৰে মন্দিৰাৰ অজ্ঞাতে সম্পৰ্ক গঢ়িছিল।এনেকুৱা সময়ত তাইকো ফোন কৰি শেখৰে কৈছে – “… এতিয়া ব্যস্ততা কমিছে।এদিন যাম ৰ’বা তোমাৰ তালৈ।”(পৃষ্ঠা – ১৬) । এনেবোৰ উত্তৰ আধুনিকতাবাদী উপন্যাসৰ বিশেষত্ব।

উত্তৰ আধুনিকতাবাদী উপন্যাসে ট্ৰেজেডি বা কমেডীৰ দৰে কোনো সুস্পষ্ট আৰ্হি গ্ৰহণ নকৰে। কাহিনী ক’ত আৰম্ভ হৈ ক’ত শেষ হয় তাৰ কোনো নিদিৰ্ষ্টতা নাথাকে। এনে উপন্যাসত এটা মাত্ৰ গভীৰ তথা সুস্পষ্ট কাহিনী তুলি ধৰা নহয়। ‘ধূসৰতাৰ কাব্য’ উপন্যাসতো কোনো এটা সুস্পষ্ট কাহিনী প্ৰকাশ পোৱা নাই। শেখৰ আৰু মন্দিৰাৰ জীৱনত ঘটা কিছুমান সৰু সৰু ঘটনা ইয়াত প্ৰকাশ হৈছে। শেখৰৰ সম্পৰ্কীয় ভাগিনীয়েক সিদ্ধাৰ্থ আৰু তাৰ প্ৰেমিকা আৰতিৰ প্ৰেমজনিত কাহিনী এটাও উপন্যাসখনত পোৱা যায় কিন্তু তাৰো কোনো বিকাশ ঘটা নাই আৰু স্পষ্ট সামৰণিও নাই।তাৰোপৰি কিছুমান ৰাজনৈতিক – সামাজিক সমস্যাৱলী আদি ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনাৰ সংযোগত কাহিনীটো ৰচিত হৈছে। এই কাহিনীবোৰতো কোনো গভীৰতা নাই। আকৌ এটা ঘটনাৰ লগত পৰৱৰ্তী ঘটনাৰ সংযোগো প্ৰায়ে দেখা নাযায়।

উত্তৰ আধুনিকতাবাদী উপন্যাসত চৰিত্ৰায়ণ আৰু নায়ক নায়িকাৰ বিশেষ গুৰুত্ব নাথাকে। ‘ধূসৰতাৰ কাব্য’ত মন্দিৰা আৰু শেখৰৰ জীৱনৰ ঘটনাৱলী প্ৰকাশ হৈছে যদিও তেওঁলোক দুজন উপন্যাসখনৰ নায়ক নায়িকা নহয়। উপন্যাসখনৰ মন্দিৰা, শেখৰকে ধৰি সুমন্ত, চেম, ৰবীন,সিদ্ধাৰ্থ,আৰতি,ৰীনা বাইদেউ, গৌৰী বাইদেউ,অভিজিৎ কলিতা, কাকতি দা আদি কোনো চৰিত্ৰৰে ইয়াত বিকাশ হোৱা নাই,প্রকাশহে হৈছে।

‘ধূসৰতাৰ কাব্য’ উপন্যাসত শেখৰ এজন চৰকাৰী বিষয়া।একেসময়তে তেওঁ এজন পুত্ৰ,স্বামী,পিতৃ,বন্ধু, সামাজিক দায়বদ্ধ সম্পন্ন ব্যক্তি আদি বিভিন্ন পৰিচয় তেওঁৰ আছে। উত্তৰ আধুনিকতাবাদে কোনো এটা মাত্ৰ আধিপত্যকাৰী মাত্ৰাত গুৰুত্ব নিদিয়ে। শেখৰৰ চৰিত্ৰত বহুমাত্ৰিকতা প্ৰদান কৰি ঔপন্যাসিক দাসে উপন্যাসখনক উত্তৰ আধুনিকতাবাদী উপন্যাসৰ স্তৰলৈ উত্তৰণ ঘটাইছে।

দেৱব্ৰত দাসৰ ‘ধূসৰতাৰ কাব্য’ৰ তেৰটা অধ্যায়ৰ প্ৰতিটো অধ্যায়ৰ অন্তত মূল কাহিনীৰ বাহিৰৰ একোটা দৃশ্য দিয়া হৈছে। ‘অথ মানিক সংবাদ’ নামেৰে দিয়া দৃশ্যটোত উপন্যাসখনৰ স্ৰষ্টা দেৱব্ৰত দাসে গৈ তেওঁ লিখি উঠা অধ্যায়টো বিষয়ে মাণিক আহমেদৰ পৰা মন্তব্য বিচাৰে। আহমেদ এজন ভঙুৱা সেয়ে হলেও তেওঁ কিন্তু এজন বাস্তৱমুখী ব্যক্তি ।অসাহিত্যক,অসমালোচক মাণিক আহমেদে তেওঁৰ সংসাৰ জ্ঞান আৰু নিজস্ব ৰুচিৰে তাৰ ওপৰত মন্তব্য দিয়ে বা কেতিয়াবা নিদিয়ে। মন্তব্য দিলেও সেইবোৰ অসাৰুৱা বা তাচ্ছিল্যপূৰ্ণ । এনে তাচ্ছিল্যৰ দ্বাৰা বিষয়বস্তুৰ গুৰুত্ব বা লঘুত্ব হ্ৰাস কৰা হৈছে। ই উত্তৰ আধুনিকতাবাদী উপন্যাসৰ এটা বিশেষত্ব৷

গতিকে ক’ব পাৰি যে দেৱব্ৰত দাসৰ ‘ধূসৰতাৰ কাব্য’ উপন্যাসখন এখন সাৰ্থক উত্তৰ আধুনিকতাবাদী উপন্যাস। সমসাময়িক পটভূমিত ব্যক্তিৰ সমস্যা উত্তৰআধুনিক উপন্যাসৰ ৰূপত দাঙি ধৰা দেৱব্ৰত দাসৰ ‘ধূসৰতাৰ কাব্য’ অসমীয়া উপন্যাস সাহিত্যৰ মূল্যৱান সম্পদ বুলি ক’লে অত্যুক্তি কৰা নহ’ব।