মইও ৰাখোঁ আপোনাৰ খবৰ! – অৰ্ণৱ কটকী

Pc Shutterstock

মইও ৰাখোঁ আপোনাৰ খবৰ!

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

আপোনাৰ খবৰ মইও ৰাখোঁ!
ঠিক আপুনি ৰখা দৰেই মইও পাওঁ , বতাহৰ কাণে কাণে
যদিওঁ আজিকালি আমাৰ দেখা সাক্ষাৎ নহয়, আগৰ দৰে;
হঠাতে বাগৰি বিয়পি আহে আপোনাৰ বাতৰি।
মনক চুই যায় এজাক প্ৰশান্তিৰ বতাহে
যেতিয়া শুনা পাওঁ আপুনি সুখী বুলি,
আপদীয়া বৰষুণ নামিলেও দুচকুত
বেলিৰ কিৰণ সানি লওঁ মোৰ দুটি ওঁঠত।
আহিব কেতিয়াবা সময় পালে!
স্মৃতি বিলাক সামৰি হ’লেও হৃদয়ৰ চন্দুকত
আহিব মন গলে স্বচক্ষুৰে চাই যাবহি এবাৰ;
চিন্তা নকৰিব আপুনি, আপোনাৰ সহাঁৰি পালেও নোখোলো মনৰ পেৰাটি।
অভিমান বিলাক বুকুত গোটা শিল হ’ল
মৰম,সপোন যেন মাটিত মিলি ৰ’ল।
ঠিকনাও সলনি কৰিলে বোলে আপুনি !
সেইদিনা বতাহে কৈছিল নিজানত আহি।
নীৰৱে নামিছিল নিয়ৰ চেঁচা যেন কলিজাৰ তেজ
কাণৰ সোতাত ওলমি ৰৈছিল এজোলোকা গৰম তেজ।
স্থবিৰ হৈ ৰৈছিল বাগৰি যোৱা সময়
এৰা এক দীঘল হুমুনিয়াহ!
আপুনি ভালে থাকক সদায়
আজিও খবৰ ৰাখোঁ আপোনাৰ ঠিক আগৰ দৰেই।