২০২৬-২৭ বৰ্ষৰ ঘৰুৱা ছিজনৰ সূচী ঘোষণা বিচিচিআইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বৃহস্পতিবাৰে টীম ইণ্ডিয়া(ছিনিয়ৰ পুৰুষ) দলৰ ২০২৬-২৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ঘৰুৱা সূচী প্ৰকাশ কৰে ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বি চি চি আইয়ে এক বিবৃতিৰ জৰিয়তে এই সূচী প্ৰকাশ কৰে ৷ ঘৰুৱা ছিজনটোত টীম ইণ্ডিয়াই রেষ্ট ইণ্ডিজ, শ্রীলংকা, জিম্বাব’ৱে আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে বহুকেইটা ফৰমেটৰ খেলত অংশগ্ৰহণ কৰিব। দেশৰ ১৭খন চহৰত ২২খন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব। বিচিচিআয়ে এক বিবৃতিযোগে জনাই যে চলিত বৰ্ষৰ ২৭ ছেপ্টেম্বৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণৰ জৰিয়তে এই ছিজনটো আৰম্ভ হ’ব। ভাৰত ভ্ৰমণকালত কেৰিবিয়ান বাহিনীয়ে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচত ভাগ ল’ব। এদিনীয়া শৃংখলাটোৰ দ্বিতীয়খন মেচ ৩০ ছেপ্টেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ বাকী দুখন মেচ ত্রিবান্দ্ৰম আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব। আনহাতে, ৬-১৭ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টি-২০ শৃংখলাটোৰ মেচকেইখন ক্রমে লক্ষ্ণৌ, ৰাঁচী, ইন্দোৰ, হায়দৰাবাদ আৰু বেংগালুৰুত অনুষ্ঠিত হ’ব। ইপিনে, বছৰটোৰ শেষৰ পিনে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব শ্রীলংকা দল। ১৩-১৯ ডিচেম্বৰলৈ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ মেচকেইখন ক্রমে দিল্লী, বেংগালুৰু আৰু আহমেদাবাদত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২২-২৭ ডিচেম্বৰলৈ চলিবলগীয়া টি-২০ মেচৰ শৃংখলাটোৰ মেচকেইখন ক্রমে ৰাজকোট, কটক আৰু পুনেত খেলোৱা হ’ব। আনহাতে, ২০২৭ বৰ্ষৰ আৰম্ভণিতে ভাৰত ভ্ৰমণলৈ আহিব জিম্বাব’ৱে। ভাৰত ভ্ৰমণকালত জিম্বাব’ৱেই তিনিখন এদিনীয়া মেচত ভাগ ল’ব আৰু মেচকেইখন ৩, ৬ আৰু ৯ জানুৱাৰীত কলকাতা, হায়দৰাবাদ আৰু মুম্বাইত খেলোৱা হ’ব। ২০২৭ বৰ্ষৰে জানুৱাৰী মাহৰ শেষ ভাগত পাঁচখনীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব শক্তিশালী অষ্ট্ৰেলিয়াই। টেষ্ট শৃংখলাটোৰ তৃতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ’ব। ১১-১৫ ফেব্ৰুৱাৰীলৈ টেষ্টখন বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ প্ৰথমখন টেষ্ট ২১-২৫ জানুৱাৰীলৈ নাগপুৰত, দ্বিতীয়খন টেষ্ট ২৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ চেন্নাই, চতুর্থখন টেষ্ট ১৯-২৩ ফেব্ৰুৱাৰীলৈ ৰাঁচীত আৰু পঞ্চম তথা অন্তিমখন টেষ্ট ২৭ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ আহমেদাবাদত খেলোৱা হ’ব।
