৬৭ প্রার্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন-পত্র
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব ভোট গ্রহণ। এইবাৰৰ নিৰ্বাচনত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত মুঠ ৭২২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে মুঠ ৮১৫গৰাকী প্রার্থীয়ে ১২৬টা সমষ্টিত ১,৩৮৯খন মনোনয়ন-পত্র দাখিল কৰিছিল। মনোনয়ন-পত্ৰৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পাছত ৭৮৯গৰাকী প্রার্থী নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে যোগ্য বুলি বিবেচিত হৈছিল। এই ৭৮৯গৰাকী বৈধ প্ৰাৰ্থীৰ ভিতৰত ৬৭ গৰাকী প্রার্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্রত্যাহাৰ কৰে। ইয়াৰ পিছত ৭২২জনে কার্যতঃ নির্বাচনী সমুখ সমৰত অৱতীৰ্ণ হ’ব। উল্লেখ্য যে মনোনয়ন প্রত্যাহাৰ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত উল্লেখযোগ্য প্রার্থীগৰাকী হৈছে মানকাচৰ সমষ্টিৰ এনপিপিৰ পৰা মনোনয়ন দাখিল কৰা বিধায়ক আমিনুল ইছলাম। এআইইউডিএফ ত্যাগ কৰা বিধায়কগৰাকীৰ সমষ্টিটোত আছিল যথেষ্ট প্রভাৱ আৰু প্ৰতিপত্তি। মুখ্যতঃ এনপিপিৰ সভাপতি কনৰাড চাংমাৰ পৰা নিৰ্বাচনৰ বাবে পর্যাপ্ত সহায়-সমর্থন লাভ নকৰাৰ বাবেই আমিনুল ইছলামে নিজৰ প্রার্থিত্ব প্রত্যাহাৰ কৰা বুলি তেওঁ প্ৰকাশ কৰিছে। মনোনয়ন প্রত্যাহাৰ কৰা অন্যান্যসকলৰ ভিতৰত অন্যতম প্রার্থী হ’ল ঢকুৱাখনা সমষ্টিৰ নিৰ্দলীয় প্রার্থী সুৰজিৎ দলে। সুৰজিৎ দলে সমষ্টিটোৰ কংগ্ৰেছৰ প্রার্থিত্বপ্রত্যাশী আছিল যদিও দলে তেওঁৰ স্থানত আনন্দ নৰহক প্রার্থিত্ব প্রদান কৰে। ইয়াতে ক্ষোভিত হৈ সুৰজিৎ দলেই সমষ্টিটোত নির্দলীয়ভাবে প্রতিদ্বন্দ্বিতাৰ কাৰণে মনোনয়ন দাখিল কৰিছিল। শিৱসাগৰ সমষ্টিত প্রতিদ্বন্দ্বিতাৰ কাৰণে মনোনয়ন দাখিল কৰা চিপিআইৰ প্ৰাৰ্থী মদন বৰুৱায়ো প্রার্থিত্ব প্রত্যাহাৰ কৰে। স্থানীয় বিধায়ক অখিল গগৈক সমর্থন কৰাৰ বাবেই মদন বৰুৱাই মনোনয়ন প্রত্যাহাৰ কৰা বুলি স্পষ্ট কৰিছে ৰাইজৰ দলৰ নেতা ধৈর্য কোঁৱৰে। বিহালী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্রত্যাহাৰ কৰিছে নির্দলীয় প্রার্থী প্রবীণ বৈশ্যয়ো। কোটিপতি এইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰে সমষ্টিটোত বিশেষ দৃষ্টি আকর্ষণ কৰিছে। হোজাই জিলাৰ তিনিটা সমষ্টি ক্রমে বিন্নাকান্দি, লামডিং আৰু হোজাইত ৩গৰাকী নির্দলীয় প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰিছে। বিন্নাকান্দিত ২জন ক্রমে আক্তৰ উদ্দিন আৰু বুৰহান উদ্দিনে মনোনয়ন প্রত্যাহাৰ কৰাৰ বিপৰীতে লামডিঙত এজন নির্দলীয়ই প্রার্থিত্ব প্রত্যাহাৰ কৰিছে। হোজাইৰ তিনিওটা সমষ্টিত এতিয়া ১৮জন প্রার্থীয়ে নির্বাচনী যুঁজ দিব। নগাঁৱৰ ধিঙত হাইদৰ আলী নামৰ এজন নির্দলীয়ই প্রার্থিত্ব প্রত্যাহাৰ কৰিছে। নগাঁও জিলাৰ সমষ্টিকেইটাত এতিয়া ৩৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। গোৱালপাৰা জিলাৰ ৪ সমষ্টিত ৫জন নির্দলীয়ই প্রার্থিত্ব প্রত্যাহাৰ কৰিছে। ইয়াৰে জলেশ্বৰত এজন, পশ্চিম গোৱালপাৰাত এজন, পূব গোৱালপাৰাত ২জন, দুধনৈত এজনে প্রার্থিত্ব প্রত্যাহাৰ কৰিছে। মানস সমষ্টিত ড° মামণি দেৱীৰ ৰূপত এজনে প্রার্থিত্ব প্রত্যাহাৰ কৰিছে। বিশ্বনাথ জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত বিহালী আৰু বিশ্বনাথ সমষ্টিত এগৰাকীকৈ প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাত জিলাখনত ১৩গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব। ধুবুৰীৰ বিলাসীপাৰাত নির্দলীয় প্রার্থী ৰমেশ চন্দ্ৰ ৰয়ে মনোনয়ন প্রত্যাহাৰ কৰে। ধুবুৰীৰ ৫টা বিধানসভা সমষ্টিত নির্বাচনী প্রতিদ্বন্দ্বিতা আগবঢ়াব মুঠ ৩৩গৰাকী প্রার্থীয়ে।
