৫ এপ্ৰিলত মৰাণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নির্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে। ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছ দলে নিৰ্বাচনৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রকাশ কৰিছে। সেই অনুসৰি অহা ১ আৰু ৫ এপ্রিলত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। ১ এপ্রিলত উত্তৰ অসমত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত তুলিবলৈ প্রধানমন্ত্ৰীগৰাকীয়ে বিহালী আৰু গোগামুখত দুখনকৈ বিশাল জনসভাক সম্বোধন কৰিব। এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ১ এপ্রিলত প্রধানমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। আনহাতে, পুনৰ ৫ এপ্ৰিলত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাবলৈ আহিব অসমলৈ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিখনকৈ জনসভাক সম্বোধন কৰিব। মৰাণ, হোজাই আৰু লামডিঙত হ’বলগা প্রধানমন্ত্ৰীৰ এই নির্বাচনী সভাত নগাঁও জিলাৰ লগতে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাৰ বিজেপি প্রার্থীসকলৰ হৈ প্ৰচাৰ চলাব। বুধবাৰে এই কথা জানিবলৈ দিছে মন্ত্রী তথা টিংখাং সমষ্টিৰ বিজেপি প্রার্থী বিমল বড়াই। বিমল বড়াই এই তথ্য সদৰী কৰি কয় যে অহা ৫ এপ্ৰিলত নির্বাচনী প্রচাৰ চলাবলৈ টিংখাং সমষ্টিৰ মৰাণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে খোৱাং, মৰাণ আৰু মাহমৰাৰ সংযোগ স্থানত এখন সভা কৰিব। এতিয়াও স্থান নির্ধাৰণ হোৱা নাই। উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রস্তুত কৰি তুলিছে। প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, শিৱৰাজ চৌহান, সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে প্ৰচাৰৰ নেতৃত্ব দিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্রীসকলে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২৯ মার্চ, ২ আৰু ৭ এপ্ৰিলত ৰাজ্যত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। একেদৰে ২৯ আৰু ৩০ মাৰ্চত অসমলৈ প্ৰচাৰ চলাবলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।
